নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : লোকসভা নির্বাচনৰ ৰণডংকা

দেশৰ মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে শনিবাৰে দেশৰ আগন্তুক লোকসভা নির্বাচনৰ সূচী ঘোষণা কৰিছে৷ ১৯ এপ্রিলৰ পৰা ১ জুনলৈ ৭টা পর্যায়ত অনুষ্ঠিত হ’ব লগা লোকসভাৰ ৫৪৩টা সমষ্টিৰ নির্বাচনত দেশৰ ৯৭ কোটি ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব৷ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ব্যৱস্থাৰ অধীনত অষ্টাদশ লোকসভা নির্বাচন স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ নির্বাচন আয়োগ এইবাৰ অধিক কঠোৰ হৈছে৷ ১০.৫ লাখ ভোটগ্রহণ কেন্দ্রত ৫৫ লাখৰো অধিক ইভিএম ব্যৱহাৰ কৰা হ’ব৷ নির্বাচনত ধনবল আৰু বাহুবলৰ প্রভাৱ নাইকিয়া কৰাৰ বাবে নির্বাচন আয়োগে এলানি বিশেষ নির্দেশনা জাৰি কৰাৰ লগতে প্রতিটো সমষ্টিতে তিনিটা পর্যায়ত পর্যবেক্ষক নিযুক্তিৰ ব্যৱস্থা লৈছে৷ আগন্তুক ৰঙালী বিহুৰ পূর্বে অসমৰ নির্বাচন সমাপন কৰাটো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিচাৰিছিল যদিও বিহুৰ পিছতহে অনুষ্ঠিত হ’ব নির্বাচন৷ ১৯ এপ্রিল, ২৬ এপ্রিল আৰু ৭ মে’ত তিনিটা পর্যায়ত সমাপন হ’ব অসমৰ ১৪টা সমষ্টিৰ নির্বাচন৷ ১৯ এপ্রিলত প্রথম পর্যায়ৰ নির্বাচনত নৱগঠিত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্রুগড় আৰু যোৰহাট সমষ্টিত, ২৬ এপ্রিলত দ্বিতীয় পর্যায়ত নগাঁও, দৰং–ওদালগুৰি, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিত, ৭ মে’ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ হ’ব৷ আগন্তুক লোকসভা নির্বাচনত অসমৰ ২.৪৩ কোটি নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব৷ আগন্তুক লোকসভা নির্বাচন দেশৰ ৰাজনৈতিক দিক নির্ণয়ৰ ক্ষেত্রত নির্ণায়ক হ’ব৷ দেশৰ প্রধানমন্ত্রীৰ আসনত একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্র মোদীক অধিষ্ঠিত কৰিবলৈ বিজেপি আৰু এনডিএৰ অংশীদাৰ দলসমূহে ইতিমধ্যে অভিযানত নামিছে৷ দেশৰ সাম্প্রতিক ৰাজনীতিত নিশ্চিতভাৱে প্রধানমন্ত্রী মোদীয়ে বিশেষ স্থানত উপবিষ্ট হৈছে৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি মোদীৰ সপক্ষে আৰম্ভ হোৱা ৰাজনৈতিক ধুমুহাত তচনচ হৈছিল কংগ্রেছ নেতৃত্বাধীন ইউপিএ৷ মোদীৰ নেতৃত্বত বিজেপিয়ে লাভ কৰা অভূতপূর্ব জনাদেশৰ প্রভাৱ ইতিমধ্যে দেশৰ অধিকাংশ ৰাজ্যতে প্রতিফলন হৈছে৷ স্বাধীনতাৰ পিছত দীর্ঘকাল কংগ্রেছৰ শাসনত থকা এখন এখনকৈ অধিকাংশ ৰাজ্যতে এতিয়া বিজেপিয়ে খোপনি পুতিছে৷ আগন্তুক লোকসভা নির্বাচনত বিজেপিয়ে চাৰি শতাধিক আসনত জয়লাভ কৰি নির্বাচনী ৰণ জয়ৰ হেটট্রিক কৰাৰ কৌশল লৈছে৷ বিজেপিৰ এনে যুদ্ধংদেহি স্থিতিৰ বিপৰীতে বিৰোধী পক্ষ ঐক্যবদ্ধ হ’বলৈ সক্ষম হোৱা নাই৷ বিজেপিক পৰাভূত কৰিবলৈ কংগ্রেছৰ নেতৃত্বত ইণ্ডি মর্চা গঠন হৈছিল৷ বিৰোধী মর্চাত দেশৰ অধিকাংশ বিৰোধী ৰাজনৈতিক দল চামিল হৈ মোদীবিৰোধী যুঁজ দিয়াৰ সংকল্প লৈছিল৷ বিগত চাৰি দশকৰ ৰাজনৈতিক ছবিখনে এই কথাই প্রমাণ কৰিছে যে দিল্লীৰ মছনদ দখল কৰাটো কোনো ৰাজনৈতিক দলৰ বাবে সহজসাধ্য নহয়৷ এই কথা ক্ষমতাত থকা সময়ছোৱাত বিজেপি অথবা কংগ্রেছৰ নেতাসকলেও ভালদৰে উপলব্ধি কৰিছে৷ কিন্তু বিজেপি নেতৃত্বাধীন এন ডি এৰ উত্থানৰ বিপৰীতে নির্বাচনৰ প্রাকমুহূর্তত ইণ্ডি মর্চাত ব্যাপক খহনীয়াই প্রধানমন্ত্রী মোদীৰ হেটট্রিকৰ পথ মসৃণ কৰি তুলিছে৷

আগন্তুক লোকসভা নির্বাচন অসমৰ বাবেও অতি গুৰুত্বপূর্ণ৷ লোকসভা নির্বাচনত এইবাৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৰিমল শুক্লবৈদ্য, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, প্রদ্যুৎ বৰদলৈ প্রমুখ্যে কেইবাজনেও প্রতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে৷ নির্বাচন আয়োগে পুনৰ নির্ধাৰণ কৰা সমষ্টিত এইবাৰ লোকসভাৰ ভোটগ্রহণ হ’ব৷ সমষ্টিৰ পুনৰ নির্ধাৰণ প্রক্রিয়াই এইবাৰ শাসকীয় এনডিএক ৰাজনৈতিকভাৱে সহায় কৰিব৷ ৰাজ্যখনৰ ১৪টা সমষ্টিৰ ১১টা সমষ্টিতে এনডিএৰ অংশীদাৰ দল তিনিটাৰ বাবে এইবাৰ অনুকূল দেখা গৈছে৷ জনগাঁথনিগত বিন্যাসৰ বাবে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিকেইটা শাসকীয় দলটোৰ বাবে প্রত্যাহ্বানজনক হৈছে৷ নৱগঠিত ধুবুৰী সমষ্টিত সর্বাধিক ভোটদাতা অন্তর্ভুক্ত হৈছে৷ গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং জৰুৱা, বিলাসীপাৰা, মানকাচৰ, জলেশ্বৰ, গোৱালপাৰা পূব, সৃজনগ্রাম, মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টিক সামৰি গঠিত ধুবুৰী লোকসভা সমষ্টিৰ ভোটদাতাৰ সংখ্যা ২৬,৪৩,৪০৩গৰাকী হৈছে৷ দেশৰ স্বাধীনতাৰ পাছত ধুবুৰী সমষ্টিটো অধিকাংশ কার্যকাল কংগ্রেছৰ দখলত আছিল৷ এআইইউডিএফৰ জন্মৰ পিছত ২০০৯ৰ লোকসভা নির্বাচনৰ পিছত একেৰাহে তিনিটা কার্যকাল সাংসদ বদৰুদ্দিন আজমলৰ দখলত আছে৷ এইবাৰো চতুর্থবাৰৰ বাবে নির্বাচনী যুঁজত নামিছে আজমল৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ ৰকিবুল হুছেইনে প্রার্থিত্ব লাভ কৰাৰ ফলত সমষ্টিটোৰ নির্বাচনী যুঁজ লক্ষণীয় হ’ব৷ এনডিএৰ প্রার্থীৰূপে অগপই প্রাক্তন বিধায়ক জাবেদ ইছলামক প্রার্থিত্ব দিছে৷ যোৱা লোকসভা নির্বাচনত প্রায় ৪ লাখ ভোট লাভ কৰা জাবেদ ইছলামো নিশ্চিতভাৱে সমষ্টিটোৰ এগৰাকী শক্তিশালী প্রতিদ্বন্দ্বী হৈ উঠাৰ সম্ভাৱনা আছে৷ একেদৰে টনা–আঁজোৰাৰ শেষত নগাঁও সমষ্টিত কংগ্রেছৰ প্রার্থিত্ব লাভ কৰা সাংসদ প্রদ্যুৎ বৰদলৈৰ নির্বাচনী যুঁজখন এইবাৰ কঠিন হ’ব৷ যোৱা লোকসভা নির্বাচনত প্রদ্যুৎ বৰদলৈয়ে লাভ কৰিছিল ৭,৩৯,৭২৪টা ভোট৷ ইয়াৰ বিপৰীতে বিজেপিৰ প্রার্থী তথা বিধায়ক ৰূপক শর্মাই লাভ কৰিছিল ৭,২২,৯৭২টা ভোট৷ সমষ্টিটোত যোৱা নির্বাচনত এআইইউডিএফে প্রার্থিত্ব নিদিয়াৰ বাবে কংগ্রেছৰ প্রার্থীৰূপে বৰদলৈয়ে কাণে কাণ মাৰি জয়ী হৈছিল৷ এইবাৰ এআইইউডিএফে সমষ্টিটোত ধিঙৰ বিধায়ক আমিনুল ইছলামক প্রার্থিত্ব প্রদান কৰিছে৷ নৱগঠিত সমষ্টিটোত জনগাঁথনিৰ বিশেষ পৰিৱর্তন হৈছে আৰু ধর্মীয় সংখ্যালঘুৰ ভোটদাতাৰ সংখ্যা বহু পৰিমাণে বাঢ়িছে৷ কিন্তু ধর্মীয় সংখ্যালঘুৰ ভোট বিভাজন হ’লে বিজেপি প্রার্থীগৰাকীৰ ভাগ্য উদয় হোৱাৰ সম্ভাৱনা আছে৷ এইবাৰ ডিব্রুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ নির্বাচন আকর্ষণীয় হোৱাৰ আশা আছে৷ ডিব্রুগড়ত বিজেপিৰ সর্বানন্দ সোণোৱালৰ বিপৰীতে কংগ্রেছে যুঁজত নমাইছে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক৷ দীর্ঘকাল সমষ্টিটোক প্রতিনিধিত্ব কৰা কংগ্রেছৰ অৱস্থা শেহতীয়াকৈ অতি শোচনীয়৷ সমষ্টিটোৰ নির্বাচনত নির্ণায়ক ভূমিকা গ্রহণ কৰা চাহ জনগোষ্ঠীৰ অধিকাংশ নেতাই কংগ্রেছৰ সংগ ত্যাগ কৰাৰ ফলত সমষ্টিটোত বিজেপিৰ ভেটি শক্তিশালী হৈছে৷ যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ স্থিতি শক্তিশালী৷ সমষ্টিটোত সাংসদ তপন কুমাৰ গগৈক বিজেপিয়ে পুনৰ প্রার্থিত্ব দিয়াৰ বিপৰীতে কংগ্রেছে এইবাৰ যুঁজত নমাইছে সাংসদ গৌৰৱ গগৈক৷ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ নিশ্চিতভাৱে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ যোৰহাট লোকসভাৰ অন্তর্গত ১০টা বিধানসভা সমষ্টিৰ ভিতৰত সোণাৰি, মাহমৰা, থাওৰা, টীয়ক, মাজুলী, যোৰহাট আৰু মৰিয়নি সমষ্টিত বিজেপিৰ দখলত আছে৷ কংগ্রেছৰ দখলত আছে মাথোঁ নাজিৰা আৰু তিতাবৰ৷ শিৱসাগৰ সমষ্টিত আছে ৰাইজৰ দলৰ বিধায়ক৷ যোৰহাট সমষ্টিত বিশেষ প্রভাৱ থকা প্রদেশ কংগ্রেছৰ ৰাণা গোস্বামীয়ে শেহতীয়াকৈ বিজেপিত যোগদান কৰাৰ ফলত সাংসদ গৌৰৱ গগৈয়ে ৰাজনৈতিকভাৱে ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে৷ লোকসভা নির্বাচনত এইবাৰ শাসকীয় এনডিএৰ অংশীদাৰ বিজেপি, অগপ আৰু ইউপিপিএলৰ সাফল্যৰ সম্ভাৱনা যিমান উজ্জ্বল সিমানেই প্রত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্রেছ আৰু এআইইউডিএফ৷

You might also like