নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অৰুণাচলক অংগৰাজ্যৰ স্বীকৃতি

উত্তৰ–পূব ভাৰতৰ মুকুটস্বৰূপ অৰুণাচল প্রদেশৰ প্রতি চীনৰ লোলুপ দৃষ্টি নতুন কথা নহয়৷ অপৰূপ প্রাকৃতিক সৌন্দর্যৰে প্রাচুর্যময় প্রদেশখনক নিজৰ বুলি বেইজিঙে দাবী কৰি আহিছে৷ অৱশ্যে অকল ভাৰতবর্ষৰ ক্ষেত্রতেই নহয়, সকলো প্রতিৱেশী ৰাষ্ট্রৰ ক্ষেত্রতেই দেশখনৰ এই এটাই নীতি৷ আনকি মিত্রৰাষ্ট্র বুলি জহাই ফুৰা প্রতিৱেশী ৰাষ্ট্রৰো ভূমি নিজৰ বুলি দাবী কৰাটো চীনৰ চৰিত্র৷ ৰাছিয়াৰো ভূমি দেশখনৰ লোলুপ দৃষ্টিৰ পৰা সাৰি যোৱা নাই৷ সামাজিক জীৱনত জেওৰা ঠেলি বা বলপূর্বক দখল কৰি প্রতিৱেশীৰ ভূমি নিজৰ কৰি লোৱা দুৰাচাৰীজনৰ দৰেই চীন৷ প্রকৃতার্থত চীন হৈছে বিশ্ব শান্তি আৰু শৃংখলাৰ বাবে এটা অভিশাপ৷ এইক্ষেত্রত চীনে কোনো ধৰণৰ আন্তঃৰাষ্ট্রীয় সন্ধি নতুবা বুজাবুজিক সন্মান প্রদর্শন কৰিব নিবিচাৰে৷ দেশখনৰ এই সম্প্রসাৰণবাদৰ সমগ্র বিশ্ব সাক্ষী৷ ইয়াৰ বাবে দেশখন সময়ে সময়ে সমালোচিত হয় যদিও দেশখনৰ বেপৰোৱা নেতৃত্বই তাক কেৰেপ কৰাৰ নজিৰ পাবলৈ নাই৷ শেহতীয়াকৈ বেইজিঙে অৰুণাচল প্রদেশক পুনৰবাৰ নিজৰ ভূমি বুলি দাবী কৰি বিষয়টোক লৈ নতুনকৈ সংঘাতৰ ৰাজনীতি কৰিবলৈ অপচেষ্টা চলাইছে৷ অৱশ্যে পূর্বৰ দৰে এইবাৰো নতুন দিল্লীয়ে চীনৰ ভিত্তিহীন দাবীক একাষাৰে নাকচ কৰিছে৷ চীনৰ মতে অৰুণাচল প্রদেশ তিব্বতৰ অংশ আৰু সেইসূত্রে ভূমিখণ্ডত চীনৰ সার্বভৌম অধিকাৰ আছে৷ এইবেলি যোৱা ১৬ মার্চত চীনৰ প্রতিৰক্ষা মন্ত্রালয়ৰ মুখাপাত্র কর্নেল জাং চিয়াওজাঙে অৰুণাচল প্রদেশ ভাৰতৰ নহয়, চীনৰহে অবিচ্ছেদ্য অংগ বুলি দাবী কৰি বিষয়টোত উচটনিমূলক বক্তব্য জাৰি কৰিছে৷ মুখপাত্রগৰাকীৰ দাবী অনুসৰি ভাৰতবর্ষই নিজৰ বুলি দাবী কৰি অহা অৰুণাচল প্রদেশখনত ভাৰতৰ দাবী অবৈধ৷ চীনে এই দাবীক মান্যতা প্রদান নকৰে৷ আচলতে ভূখণ্ডটোৰ নাম অৰুণাচল নহয়েই৷ অঞ্চলটোৰ নাম হৈছে ঋাংনান৷ ই চীনৰ অবিচ্ছেদ্য অংগ৷ ইয়াকে লৈ চীনে চলিত মাহটোত অৰুণাচল প্রদেশক দ্বিতীয়বাৰ নিজৰ বুলি দাবী কৰিলে৷ বিষয়টোক লৈ চীনৰ এনে লৰালৰিৰ আঁৰৰ কথা বুজিবলৈ কঠিন নহয়৷ সমগ্র বিশ্বই জানে যে ভাৰতবর্ষত সাধাৰণ নির্বাচন আহি আছে৷ বেইজিঙে বিচাৰে নতুন দিল্লীত তেওঁলোকৰ পছন্দৰ দলৰ শাসন আহক৷ শাসনলৈ আহক তেওঁলোকৰ পৰা চাঁদা আদায় অথবা সৰকোৱা দল৷ সেয়ে লোকসভা নির্বাচনৰ পূর্বে শাসক দলটোৰ ভাবমূর্তি জনসাধাৰণৰ দৃষ্টিত বিনষ্ট হওক নাইবা দলটোৰ নেতৃত্ব জনসাধাৰণৰ চকুত দুর্বল হিচাপে প্রতিপন্ন হওক, সেই চক্রান্তৰে লোকসভা নির্বাচনৰ প্রাক্মুহূর্তত এইদৰে অৰুণাচল প্রদেশক লৈ ভিত্তিহীন আৰু উচটনিমূলক বক্তব্য তথা দাবী কৰিছে৷

নৰেন্দ্র মোদীৰ নেতৃত্বত এনডিএ চৰকাৰখন শাসনলৈ অহাৰ পিছৰে পৰা ভাৰতে শত্রুপক্ষত অৱস্থান কৰি থকা চীন আৰু পাকিস্তানৰ ক্ষেত্রত দীর্ঘদিন অনুসৰণ কৰি অহা নীতি সম্পূর্ণৰূপে সলনি কৰে৷ পাকিস্তানে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰি ভাৰতত ৰক্তৰ নৈ বোৱাই থকাৰ পৰিপ্রেক্ষিতত নীতি সলাই দেশখনৰ ওপৰত আন্তঃৰাষ্ট্রীয় চাপ বৃদ্ধিৰ লগতে আর্থিকভভাৱে দুর্বল কৰাৰ নীতি গ্রহণ কৰিছে৷ ভাৰতৰ দক্ষ আৰু প্রভাৱশালী কূটনীতিৰ বাবেই আজি বিশ্ব মঞ্চত পাকিস্তান এঘৰীয়াপ্রায়৷ তদুপৰি পাকিস্তানক শক্তিৰ জেহাদ তথা সন্ত্রাসবাদৰ প্রত্যুত্তৰ দিয়াৰ কার্যকৰী নীতি হাতত লোৱা প্রতিৱেশী ৰাষ্ট্রখনত জেহাদী শক্তি ক্রমশঃ দুর্বল হৈ পৰিছে আৰু ভাৰতভূমিত বছৰ বছৰ ধৰি পাকিস্তানী জেহাদী অপশক্তিয়ে চলাই অহা কূটাঘাতমূলক কার্যও ইতিহাসপ্রায় হৈ পৰিছে৷ চীনৰ ক্ষেত্রত অনুৰূপ নীতিৰ প্রয়োজন নাই৷ এলএচিত ৰঙাচকু দেখুওৱা চীনক একে ভাষাৰে উত্তৰ দিয়া নীতি গ্রহণ কৰা ভাৰতে বিগত কিছুবছৰত সীমা অতিক্রমি ভাৰত ভূমিত অনুপ্রৱেশ কৰিব বিচৰা চীনৰ প্রতিটো অপপ্রয়াসৰ শক্তিৰে মোকাবিলা কৰাৰ লগতে সীমান্তত একৰ বিপৰীতে এক নীতি হাত লৈছে৷ সীমাৰ সিপাৰে এজন যদি চীনৰ সৈনিক থাকে, ইপাৰে ভাৰতৰো এজন সেনা থাকিব৷ এখন যুদ্ধ বিমান থাকিলে ভাৰতেও ৰাখিব৷ মুঠতে চীনৰ ৰঙাচকুৰ ওচৰত নতি স্বীকাৰ কৰা নহয়৷ তদুপৰি বিশ্ব মঞ্চত চীনে গঢ়ি লোৱা মহাশক্তিৰ মিছা ছবিখনৰো মুখা খুলি দিয়াৰ প্রয়াস চলাই আহিছে ভাৰতে৷ চীনৰ এপছ নিষিদ্ধ কৰি বিশ্বজুৰি থকা চীনৰ ভেমক এনেদৰে আঘাত কৰিছে অনাগত বহু বছৰলৈ চীনৰ স্বাভিমানে সেই আঘাতৰ বিষ অনুভৱ কৰি থাকিব৷ তদুপৰি চীনৰ মূল শক্তি আর্থিক হেতু বেইজিঙক আর্থিকভাৱে ক্ষতিগ্রস্ত কৰিবলৈ ভাৰতে সন্তর্পণে কৌশলপূর্ণ নীতি কার্যকৰী কৰি আহিছে৷ এই আঘাতটোৰ বাবে ভাৰতক কিছু সময় লাগিব যদিও দেশখনৰ নীতি সঠিক দিশেৰে গতি কৰি আছে৷ এনে এটা ৰাজনৈতিক দল পুনৰ শাসনলৈ অহাটো চীনৰ কাম্য নোহোৱাটোৱেই স্বাভাৱিক৷ ইফালে, অৰুণাচল প্রদেশক লৈ চীনে কৰা দাবীক কঠোৰভাৱে সমালোচনা কৰি বিষয়টোত ভাৰতৰ কাষত থিয় দিছে আমেৰিকা যুক্তৰাষ্ট্র৷ চীনৰ দৰে মহাশক্তিৰে মোকাবিলাত ভাৰতক আমেৰিকাৰ সহায়–সমর্থনৰ আৱশ্যক আছে৷ মার্কিন গৃহ মন্ত্রালয়ৰ মুখপাত্র বেদান্ত পেটেলে চীনৰ আগ্রাসী মনোভাবক সমালোচনা কৰি কয় যে আমেৰিকাই অৰুণাচল প্রদেশক ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰে৷ ভাৰতৰ অংগৰাজ্য বুলি স্বীকৃতি দিয়ে৷ লগতে প্রকৃত নিয়ন্ত্রণৰেখা অতিক্রমি সামৰিক অথবা অসামৰিকভাৱে ভাৰত ভূমিত আগ্রাসনৰ বাবে সময়ে সময়ে চলোৱা অপচেষ্টাকো সমালোচনা কৰি দেশখনক সংযত হ’বলৈ পৰামর্শ দিছে৷ ভাৰতৰ বাবে এইটো আশাৰ কথা৷

You might also like