নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ মার্চ, চ’ত মাহৰ ১৫ তাৰিখ
শুকুৰবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : বিশাখা, যাত্রা : শুভ

মেষ : পুৱা দহ বজালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃষ : কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বর্তমান পৰিৱেশৰ কথা ভাবি ফুৰা–চকাত নিজে সতর্ক থাকক৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

মিথুন : পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাব মজলীয়া৷ বন্ধু–বর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

কর্কট : আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব৷ কিবা পৰিৱর্তনৰ নতুনত্ব অনুভৱ৷ বিদ্যাত যত্ন ৰাখক৷ সু–সংবাদ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

সিংহ : কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাবনা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কন্যা : বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অভাৱত কাৰো প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

তুলা : যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ বিদ্যাত অনুকূল পৰিৱেশ৷ ভ্রমণত চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃশ্চিক : কোনোৱে আশাৰে কৰা আপেক্ষা কিছু সফল৷ কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

ধনু : কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুত্বৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

মকৰ : আজি পূর্বৰ দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ৷ ভ্রমণৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

কুম্ভ : আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাব ৰাখিবলৈ সক্ষম হ’ব৷ বাহ্যিক কথাত কিছু ব্যস্ত থাকিব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১৷

মীন : আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ বিদ্যাত বেয়া দেখা নাযায়৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

You might also like