নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ খঁক, বাঁওপন্থীৰ দুখ

প্রথম পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পর্ব ইতিমধ্যে অন্ত পৰিল৷ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ আনুষ্ঠানিক অধিসূচনাও জাৰি হ’ল৷ কিন্তু নির্বাচনী মিত্রতাক লৈ আৰম্ভণিৰ পৰা কংগ্রেছৰ মনোভাবকেন্দ্রিক বিতর্ক আৰু অসন্তুষ্টিৰ অন্ত নপৰিল৷ একেৰাহে তৃতীয়বাৰলৈ শাসনলৈ অহাৰ বাবে পূর্ণোদ্যমে প্রয়াস চলাই থকা বিজেপিৰ দুর্জেয় গতিক স্তব্ধ কৰি শাসক পৰিৱর্তনৰ হুংকাৰ দিছিল কংগ্রেছে৷ দলটোৰ নেতৃত্বত গঠন হৈছিল ইণ্ডি মিত্রজোঁট৷ এই মিত্রজোঁট গঠনৰ আঁৰৰ কথা কোৱা হৈছিল এইদৰে– বিজেপিক পৰাভূত কৰিবলৈ এনডিএবিৰোধী ৰাজনৈতিক দলসমূহ একত্র হ’ব লাগিব৷ বিৰোধীক এখন মঞ্চলৈ আনি এঘড়ী যুঁজ দিবলৈ ওলোৱা কংগ্রেছৰ আচল মনেভাবক লৈ কিন্তু প্রথমৰ পৰাই দেশত সন্দেহৰ বাতাৱৰণ এটা আছিল৷ সহযোগী ৰাজনৈতিক দলৰ একাংশকো সন্দেহ আৰু অবিশ্বাসে দহিছিল৷ সন্দেহ–বিশ্বাসৰ মাজতে অংশীদাৰ ৰাজনৈতিক দলৰ নেতৃত্বই আশা কৰিছিল এটা ডাঙৰ উদ্দেশ্য সন্মুখত লৈ মঞ্চ এখনৰ নেতৃত্ব দিয়া কংগ্রেছে লক্ষ্যপ্রাপ্তিৰ স্বার্থতে অংশীদাৰ দলসমূহক প্রাপ্য মর্যাদা আৰু সন্মান দিব৷ ইয়াৰ প্রতিফলন ঘটিব আসন বুজাবুজিত৷ কিন্তু আসন বুজাবুজি প্রক্রিয়াটো যিমানেই কাষ চাপি আহিবলৈ ধৰিলে কংগ্রেছৰো মনোভাব ক্রমশঃ স্পষ্ট হ’বলৈ ধৰিলে৷ প্রথমেই সংগ এৰিলে আৰম্ভণিৰ পৰাই এনডিএবিৰোধী মর্চা গঠনত সক্রিয় হৈ থকা মমতা বেনার্জী৷ অংশীদাৰ দলে ভোট যোগাৰ কৰি দিয়ক, আমি ৰাজপাট খাওঁ নীতিৰে আসন বুজাবুজি কৰিবলৈ লোৱা কংগ্রেছক একপ্রকাৰ দেখুৱাই দিলে মমতা বেনার্জীয়ে৷ কংগ্রেছৰ বিজেপিক পৰাভূত কৰাৰ আঁৰত সকলোকে ঠগি মই খাওঁ নীতিটোৱে শেহতীয়াকৈ অসন্তুষ্ট কৰি তুলিছে বাঁওপন্থী দলসমূহক৷ অসন্তুষ্ট কৰিছে মানে অনিচ্ছা সত্ত্বেও মুকলিকৈ অসন্তুষ্টি প্রকাশ কৰিবলৈ বাধ্য হৈছে দলকেইটাৰ নেতৃত্ব৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে দুই বাঁওপন্থী ৰাজনৈতিক দল চিপিএম আৰু চিপিআইৰ বিজেপিবিৰোধী স্থিতি দেশৰ সর্বজনবিদিত৷ দল দুটাই এইক্ষেত্রত সদায়েই কংগ্রেছৰ সৈতে একেলগে কাম কৰি আহিছে৷ কংগ্রেছেও বিজেপিবিৰোধী সকলো কার্যসূচীতে বাঁওপন্থী দল দুটাৰ সহযোগিতা আদায় কৰি আহিছে৷ এক কথাত ক’বলৈ গ’লে, কংগ্রেছৰ বিজেপিবিৰোধী যুঁজখনৰ অমলিন মিত্র বাঁওপন্থী দল৷ কিন্তু ক্ষমতাৰ প্রশ্ণ অহাৰ লগে লগে কংগ্রেছে স্বৰূপ উদঙাই দি বাঁওপন্থী দল দুটাক এনেদৰে ঠগিলে যে প্রতিক্রিয়া প্রকাশ নকৰাকৈ দল দুটাৰ নেতৃত্ব নিশ্চুপ হৈ থাকিব নোৱাৰিলে৷
চিপিএম আৰু চিপিআই নেতৃত্বৰ প্রথম মুকলি অসন্তুষ্টি প্রকাশ পায় যোৱা ১৭ মার্চত৷ ৰাহুল গান্ধীৰ ভাৰত জো়ড়ো ন্যায় যাত্রাৰ অন্তত মুম্বাইত অনুষ্ঠিত জনসভাখনত আমন্ত্রণ লাভ কৰা সত্ত্বেও তাত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত লৈছিল চিপিএম আৰু চিপিআইৰ দুই শীর্ষ নেতা সীতাৰাম য়েচুৰী আৰু ডি ৰাজাই৷ তাৰ পাছতো কংগ্রেছ নেতৃত্বৰ গা নলৰিল৷ দুই মিত্রদলৰ ক্ষোভ–অসন্তুষ্টিক আওকাণ কৰি কংগ্রেছ নেতৃত্ব ‘তুমি ভোট আনি দিয়া, আমি ৰাজপাট খাওঁ’ নীতিতে চলি থাকিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দেশত বিজেপিৰ প্রতিদিনে শক্তি বৃদ্ধি হৈ গৈ থকাৰ বিপৰীতে কংগ্রেছ নিশকতীয়া হৈ গৈ আছে৷ কংগ্রেছৰ এই দুর্বল দিশটোৰ কথা ইণ্ডি মিত্রজোঁটৰ অংশীদাৰ দলসমূহৰ নেতৃত্ব অৱগত৷ সেয়ে আসন বুজাবুজিত বাস্তৱসন্মত নীতি গ্রহণ কৰাটো সকলোৱে বিচাৰিছিল৷ তৃণমূল কংগ্রেছৰ প্রধান মমতা বেনার্জীয়ে এইক্ষেত্রত এখোজ আগুৱাই গৈ ইণ্ডি মিত্রজোঁটৰ হৈ কংগ্রেছক অকলে ৩৫০খন আসনত প্রতিদ্বন্দ্বিতা কৰিবলৈ প্রস্তাৱ দিছিল৷ কিন্তু কংগ্রেছ নেতৃত্বৰ মতলব আছিল পশ্চিমবংগত তৃণমূল কংগ্রেছৰ ভোটকেইটা নিজৰ পক্ষলৈ অনা৷ সেয়ে বংগৰ নির্বাচনী ৰাজনীতিত মিত্রজোঁটৰ পৰা মমতা বেনার্জীয়ে নিজকে আঁতৰাই আনিলে৷ চিপিএম আৰু চিপিআইৰো অসন্তুষ্টি একেটাই৷ কেৰালা আৰু পশ্চিমবংগৰ বাহিৰে বাঁওপন্থী দলৰ বাবে কংগ্রেছে মাথোঁ দুখনহে আসন এৰি দিলে৷ ইয়াৰ বিপৰীতে দেশৰ কেইবাটাও সমষ্টিত বাঁওপন্থী দলৰ সম্ভাৱনা কংগ্রেছৰ তুলনাত অধিক৷ মিত্রজোঁটৰ নীতি মানি নির্বাচনী ৰণত জঁপিয়াই পৰিলে আসনকেইখনত শাসক দল অথবা শাসকীয় মিত্রজোঁট পৰাজিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ বাঁওপন্থী দল দুটাই কংগ্রেছৰ পৰা সাত–আঠখনকৈ আসন বিচাৰিছিল৷ কিন্তু ৰাজস্থানৰ ছিকৰ আসনখন চিপিএমক আৰু অন্ধ্রপ্রদেশৰ বিজয়ৱাড়া সমষ্টিটো চিপিআইক এৰি দিছে৷ ইয়াৰ বিপৰীতে দল দুটাৰ নেতৃত্বৰ অভিযোগ– তামিলনাডুত ডিএমকেৰ ফালৰ পৰা চিপিএম–চিপিআইক দুখনকৈ আসন এৰি দিয়া হৈছে৷ বিহাৰত আৰজেডিয়ে এখনকৈ আসন এৰি দিছে৷ চিপিএমে পঞ্জাব, হিমাচল আৰু অসমত কংগ্রেছৰ পৰা এখনকৈ আসন বিচাৰিছিল৷ কিন্তু নিদিলে৷ বাধ্য হৈ দলটোৱে ৰাজ্য তিনিখনত এখনকৈ আসনত নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লয়৷ একেদৰে চিপিআয়ে ছত্তিশগড়ৰ বস্তাৰ, ওড়িশাৰ জগতসিংহপুৰ, ঝাড়খণ্ডৰ হাজাৰিবাগ, পঞ্জাবৰ ভাটিণ্ডা, তেলেংগানাৰ ৱাৰেংগল, মহাৰাষ্ট্রৰ শিৰডী বিচাৰিছিল৷ কিন্তু এৰি দিয়া নহ’ল৷ কংগ্রেছ নেতৃত্বৰ বিৰুদ্ধে বাঁওপন্থী নেতৃত্বৰ অভিযোগৰ তালিকাখন আৰু দীঘলীয়া৷ কেৰালাত কংগ্রেছৰ সৈতে চিপিএমৰ মূল প্রতিদ্বন্দ্বিতা হ’লেও ৰাষ্ট্রীয় পর্যায়ত দল দুটাই বিৰোধী ঐক্যমঞ্চক এৰা নাই৷ পশ্চিমবংগত নিজাকৈ উদ্যোগ লৈ চিপিএমে কংগ্রেছৰে মিত্রতা পাতিছে৷ চিপিআই, ফৰৱার্ড ব্লক, আৰচিপিআইক কমকৈ আসন এৰি দিয়া হৈছে৷ কিন্তু ৰাহুল গান্ধীয়ে কেৰালাত চিপিএমৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে৷ কংগ্রেছৰ এই ক্ষমতাৰ খঁকত বিৰক্ত–অসন্তুষ্ট চিপিএম, চিপিআইৰ সাধাৰণ সম্পাদকে এআইচিচিৰ সভাপতি মল্লিকার্জুন খার্গেক অভিযোগ দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like