নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ এপ্রিল, চ’ত মাহৰ ২৯ তাৰিখ
শুকুৰবাৰঃ তিথি– শুক্লা চতুর্থী, নক্ষত্রঃ ৰোহিনী, যাত্রাঃ শুভ

মেষঃ কর্মস্থানত মধ্যম৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা, শুভ সংখ্যা ২৷

বৃষঃ কর্মোন্নতিত আনৰ প্রভাৱ পৰিব পাৰে৷ বিখ্যাত লোকৰ সংগ পাব পাৰে৷ ভ্রমণ নকৰাই ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুনঃ পশ্চিম দিশত ভ্রমণত লাভৱান হ’ব৷ শত্রু নাশ হ’ব৷ গোপন তথ্যৰ সন্ধান পাব পাৰে৷ আর্থিক ব্যয়৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

কর্কটঃ কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে৷ খৰচ বৃদ্ধি৷ সু–সংবাদ পাব৷ কিছু পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লগা হ’ব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

সিংহঃ ধার্মিক দিশ প্রকাশ পাব৷ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ আর্থিক চিন্তা বৃদ্ধি৷ বিষ্ণু ভগৱানক পূজা কৰিব৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৯৷

কন্যাঃ কোনো যোগাযোগৰ পৰা লাভৱান হ’ব পাৰে৷ কর্মস্থানত মধ্যম৷ শিং থকা জীৱ–জন্তুৰ পৰা সাৱধান হওক৷ প্রেমত কষ্ট৷ মাখন ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৫৷

তুলাঃ লেখক–লেখিকাৰ সুনাম বৃদ্ধি৷ সততা ৰক্ষা পৰিব৷ শৰীৰ ভাল৷ কর্মব্যস্ততা বাঢ়িব৷ দাম্পত্য শুভ৷ নতুন সংস্থাপন পাব পাৰে৷ ব্যয় বৃদ্ধি৷ শুভ ৰং হালধীয়া, সংখ্যা ৪৷

বৃশ্চিকঃ যান–বাহনত কষ্ট হ’ব পাৰে৷ কর্মত মধ্যম৷ নিজৰ শক্তিত বিশ্বাস ৰাখক৷ ব্যয় বৃদ্ধি৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

ধনুঃ কর্মক্ষেত্রত সন্মান বৃদ্ধি৷ মনলৈ দুশ্চিন্তা নানিব৷ খৰচৰ মাত্রা বৃদ্ধি৷ শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷

মকৰঃ কর্মত জটিল হ’ব৷ বন্ধুৰ পৰা সাৱধান হওক৷ দুষ্ট লোকৰ পৰা সাৱধান হওক৷ বিদ্যাত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷

কুম্ভঃ বাত বিষ হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত শুভ৷ আনৰ ওপৰত ভৰসা নকৰিব৷ সমস্যা সমাধান হ’ব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১৷

মীনঃ নতুন যোগাযোগৰ অনুকূল আশা৷ বিদ্যাত মধ্যম৷ আকস্মিক কোনো সুযোগ–সম্ভাৱনা আছে৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬৷

You might also like