নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ডিফেঞ্চ এটাচ্চে

বিশ্বক নেতৃত্ব দিবলৈ অর্থাৎ বিশ্বগুৰু হ’বলৈ কেৱল আর্থিক মহাশক্তি অথবা প্রজ্ঞাৰ পুণ্যভূমি হ’লেই নহ’ব, ভাৰতবর্ষক প্রয়োজন হ’ব সামৰিক ক্ষেত্রখনতো শক্তি অর্জন কৰা৷ শক্তি অর্জন কৰা মানে নিজকে সামৰিক মহাশক্তিত পৰিণত কৰা৷ নৰেন্দ্র মোদীৰ হাতলৈ প্রধানমন্ত্রিত্বৰ চকীখন যোৱাৰ পূর্বে ভাৰতবর্ষৰ কোনো ৰাজনৈতিক নেতৃত্বই দেশখনক সামৰিকভাৱে আত্মনির্ভৰশীল কৰাৰ লগতে ক্ষেত্রখনত ৰপ্তানিকাৰী দেশ হিচাপে প্রতিষ্ঠা কৰাৰ কার্যকৰী পদক্ষেপ লোৱা নাছিল৷ ক’বলৈ গ’লে পূর্বৰ ৰাজনৈতিক নেতৃত্বৰ চিন্তা–চেতনাত বিষয়টোৱে স্থানেই পোৱা নাছিল৷ এইক্ষেত্রত নৰেন্দ্র মোদী ব্যতিক্রম৷ তেওঁ আৰম্ভণিৰ পৰাই ভাৰতবাসীক বিশ্বৰ বুকুত এটা আত্মবিশ্বাসী আৰু ইয়াৰ ভেটিত প্রাপ্ত স্বাভিমানী জাতি হিচাপে প্রতিষ্ঠা কৰিবলৈ প্রয়াস চলাই আহিছে৷ ইয়াৰ বাবে তেওঁ ভাৰতবর্ষক বিভিন্ন ক্ষেত্রত আত্মনির্ভৰশীল ৰাষ্ট্র হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰ প্রয়াস চলাই আহিছে৷ তেওঁৰ কার্যকালতে দেশখন দহ নম্বৰৰ পৰা পঞ্চম নম্বৰলৈ আর্থিক মহাশক্তি হিচাপে উধালে৷ এতিয়া জাপান আৰু জার্মানীক চেৰাই বিশ্বৰ তৃতীয় আর্থিক মহাশক্তি হিচাপে গঢ়াৰ লক্ষ্য হাতত লোৱা হৈছে৷ বিশ্ববেংককে ধৰি বিশ্বৰ অগ্রণী বিত্তীয় প্রতিষ্ঠানৰ পূর্বানুমান অনুসৰি ২০২৭ চনৰ ভিতৰতে ভাৰতবর্ষ সেই লক্ষ্যত উপনীত হ’ব পাৰিব৷ প্রধানমন্ত্রী মোদীৰ দহ বছৰীয়া কার্যকালটোৱে ভাৰতবর্ষক বিশ্বৰ বুকুত আন এটা ৰূপত প্রতিষ্ঠা কৰাৰ বাট কাটিলে৷ পূর্বতে ভাৰতবর্ষৰ পৰিচয় আছিল প্রতিৰক্ষা সামগ্রী তথা প্রযুক্তি ৰপ্তানিকাৰী দেশ হিচাপে৷ পাছলৈ দেশখন হৈ পৰিল বিশ্বৰ শীর্ষ ৰাষ্ট্র৷ অর্থাৎ বিশ্বৰ যিকোনো ৰাষ্ট্রৰ তুলনাত ভাৰতে অধিক প্রতিৰক্ষা সমগ্রী আৰু প্রযুক্তি ৰপ্তানি কৰে৷ ইয়াৰ সৰল অর্থটো হৈছে ভাৰতৰ প্রতিৰক্ষা আন ৰাষ্ট্রৰ ওপৰত দুখ লগাকৈ নির্ভৰশীল৷ বিশেষকৈ ৰাছিয়াৰ ওপৰত৷ শেহতীয়াকৈ দেশখনৰ প্রতিৰক্ষা শক্তি ৰাছিয়া নির্ভৰশীলতা হ্রাস পাইছে যদিও দেশখন আত্মনির্ভৰ হৈ পৰা নাই, নির্ভৰশীলতা আমেৰিকা যুক্তৰাষ্ট্র, ফ্রান্স আদি ৰাষ্ট্রলৈ প্রসাৰ হৈছে৷ পূর্বৰ ৰাজনৈতিক নেতৃত্বই এইক্ষেত্রত দেশখনক শক্তি প্রদানৰ বিশেষ প্রয়াসেই নকৰিলে৷ নৰেন্দ্র মোদীয়ে বিগত ১০ বছৰত কামটো যথেষ্টখিনি আগুৱাই লৈ গ’ল৷ মেক ইন ইণ্ডিয়াৰ আধাৰত ভাৰতবর্ষত এতিয়া বহু উন্নত প্রযুক্তিৰ প্রতিৰক্ষা সামগ্রী তৈয়াৰ হয়৷ কেৱল সেয়াই নহয়, বিশ্বৰ বুকুত আত্মনির্ভৰশীল তথা আত্মবিশ্বাসী জাতি হিচাপে ভাৰতবাসীক প্রতিষ্ঠা কৰিব বিচৰা প্রধানমন্ত্রী মোদীয়ে ভাৰতক প্রতিৰক্ষা সামগ্রীৰো ৰপ্তানিকাৰ দেশ হিচাপে গঢ়িব বিচাৰিছে৷ বিষয়টোত দেশখনে কেইটমান সবল খোজ দিছেই৷ এই পথেৰে সঠিকভাৱে গৈ থাকিলে দেশখন বিশ্বৰ অন্যতম প্রতিৰক্ষা সামগ্রী ৰপ্তানিকাৰী দেশ হিচাপে পৰিচিত হ’ব৷

উচ্চ–উন্নত প্রযুক্তিৰ প্রতিৰক্ষা সামগ্রী উৎপাদনত লাহে লাহে আত্মনির্ভৰশীলতাৰ দিশে অগ্রসৰ ভাৰতবর্ষক সমান্তৰালকৈ প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ ক্ষেত্রখনতো প্রতিষ্ঠা কৰিবলৈ বর্তমানৰ ৰাজনৈতিক নেতৃত্ব অর্থাৎ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে কাম কৰি আছে৷ ভাৰতে ইতিমধ্যে আর্মেনিয়াক স্বদেশ সমৰাস্ত্র পিনাকা মিছাইল ছিষ্টেম ৰপ্তানি কৰিছে৷ ফিলিপাইনছৰ সৈতে ব্রহ্মোছ মিছাইল ৰপ্তানিৰ বুজাবুজি চুক্তিও হৈছে৷ বিষয়টোত এটা মাইলৰ খুঁটা স্থাপন কৰি নতুন দিল্লীয়ে বিশ্বৰ বিভিন্ন দেশত প্রতিৰক্ষা এটাচ্চে অর্থাৎ সুৰক্ষা–সেনা বিশেষজ্ঞ নিযুক্তি দিয়াৰ পদক্ষেপ হাতত লৈছে৷ তেওঁলোকক নৌ, বায়ু আৰু স্থলসেনাৰ পৰা জ্যেষ্ঠতা আৰু বিষয়টোত অভিজ্ঞতাৰ ভিত্তিত বাছনি কৰা হ’ব৷ সদ্যহতে আর্মেনিয়া, পোলেণ্ড, ফিলিপাইনছ, মোজাম্বিক, তাঞ্জানিয়া, বিভূতি, ইথি’পিয়া, আইভৰীকোষ্ট আদি ৰাষ্ট্রত নিয়োগ কৰা হ’ব৷ অৱশ্যে এইক্ষেত্রত ভাৰতৰ ভৌগলিকভাৱে আৰু এটা বিশাল অঞ্চল এৰিয়া অৱ ইণ্টাৰেষ্ট হিচাপে আছে৷ সেইটো হৈছে আফ্রিকা মহাদেশ৷ মহাদেশখনৰ ৫৫খন ৰাষ্ট্রৰ সৈতে ভাৰতৰ সম্পর্ক অতি নিবিড৷ বিগত বর্ষত ভাৰতবর্ষৰ অধ্যক্ষতাত ভাৰতে অনুষ্ঠিত জি–২০ৰ সন্মিলনত নতুন দিল্লীৰ ঐকান্তিক প্রচেষ্টাত আফ্রিকা মহাসংঘক বিশ্বৰ আর্থিক মহাশক্তিসমূহৰ মঞ্চখনৰ সদস্য দিয়া হয়৷ আজিৰ তাৰিখত ভাৰতবর্ষ হৈছে দক্ষিণ বিশ্বৰ বলিষ্ঠ কণ্ঠস্বৰ৷ ভাৰতে আফ্রিকা মহাদেশৰ পৰা চীনৰ প্রভুত্বে হ্রাস কৰি সেই স্থানত নিজকে প্রতিষ্ঠা কৰিব বিচাৰে৷ অৱশ্যে এইক্ষেত্রত ভাৰতৰ নীতি চীনৰ দৰে আগ্রাসী আৰু চক্রান্তমূলক নহয়৷ ভাৰতে বিশ্বৰ সৈতে সম্পর্ক গঢ়ে সম মর্যাদাৰ ভিত্তিত৷ ইয়াৰ অংশ হিচাপে নতুন দিল্লীয়ে আফ্রিকীয় ৰাষ্ট্র জিভূতিতো এজন প্রতিৰক্ষা এটাচ্চে নিযুক্ত দিব৷ তেওঁ অৱশ্যে জিভূতিলৈ সমৰাস্ত্র ৰপ্তানিৰ দিশটো নাচায়৷ তেওঁৰ মুখ্য কামটো হ’ব জিভূতিত ভাৰতৰ বাবে সৈনিক ভেটি এটা গঢ় দিয়া৷ ক্ষুদ্র ৰাষ্ট্রখনত চীনে ২০১৭ চনত সৈনিক আড্ডা স্থাপন কৰিছিল৷ সেইটো বিদেশত চীনৰ প্রথমটো আড্ডা৷ আফ্রিকাৰ পূব উপকুলত অৱস্থিত জিভূতি ভাৰতৰ বাবেও গুৰুত্বপূর্ণ৷ ই নতুন দিল্লীক সামৰিক আৰু বাণিজ্যিক ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ জিভূতিৰ পৰা মালাক্কা প্রণালীলৈকে ভাৰতক অতিৰিক্ত লজিষ্টিক টার্নভাৰৰ সুবিধা দিব৷ তদুপৰি চীনক চাপত ৰাখিবলৈ ভাৰতক জিভূতিত সামৰিক ভেটি এটা লাগে৷ ইয়াৰ উপৰি প্রতিৰক্ষা অর্থনীতিৰ অংগ হিচাপে কাম কৰিবলগীয়া প্রতিৰক্ষা এটাচ্চেজনে সংশ্লিষ্ট ৰাষ্ট্রখনত থকা দূতাবাসৰ অংগ হ’ব৷ তেওঁ দেশখনৰ সৈতে ভাৰতৰ সমৰাস্ত্র ৰপ্তানিৰ বিভিন্ন দিশ চোৱা–চিতা কৰিব৷ আজিৰ তাৰিখত ভাৰতে বিশ্বক স্বদেশী প্রযুক্তিৰে তৈয়াৰী তেজছ যুঁজাৰু বিমান, পিনাকা মাল্টি ৰকেট ছিষ্টেম, ব্রাহ্মোছ ছুপাৰছোনিক ক্রুইজ মিছাইল, আকাশ বায়ুৰক্ষা মিছাইল ছিষ্টেম আদি বহনযোগ্য দৰত বিশ্বক দিব পাৰে৷ তদুপৰি উন্নত প্রযুক্তিৰ সমৰাস্ত্র তৈয়াৰৰ বাবে ব্যাপক হাৰত গৱেষণো আৰু উৎপাদনৰ কাম–কাজ চলি আছে৷ ভাৰত স্বদেশী প্রযুক্তিৰে নির্মিত টেংকো নিভর্েৰযোগ্য৷ ইয়াৰ বাবেও ভাৰতকবজাৰখন লাগে৷ মুঠতে প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ ক্ষেত্রখনত ভাৰতবর্ষক বিশ্বৰ অগ্রণী দেশ হিচাপে প্রতিষ্ঠাৰ ক্ষেত্রত নৰন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে বহু গুৰুত্বপূর্ণ কাম ইতিমধ্যে কৰিছে৷

You might also like