নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পুনৰ ৰক্তক্ষয়ী যুদ্ধৰ আশংকা

অশান্ত মধ্যপ্রাচ্যত ভয়াৱহ যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ ইৰানে মাত্র কেইদিনমান পূর্বে ইহুদী ৰাষ্ট্র ইজৰাইললৈ লক্ষ্য কৰি তিনি শতাধিক ড্রোন আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ পিছতে ইজৰাইলে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব বুলি হুংকাৰ দিছে৷ সঠিক সময়ত ইৰানৰ বিৰুদ্ধে মোক্ষম আঘাত হনা হ’ব বুলি দেশখনৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে হুংকাৰ দিয়াৰ লগে লগে সমগ্র মধ্যপ্রাচ্যৰ আকাশত যুদ্ধৰ ক’লীয়া ডাৱৰ ঘনীভূত হৈছে৷ লক্ষণীয়ভাৱে বিভিন্ন সময়ত ছিৰিয়াত বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত হানি আহিছে ইজৰাইলী সেনাই৷ যোৱা ১ এপ্রিলত ছিৰিয়াৰ ৰাজধানী ডামাস্কাছস্থিত ইৰানীয়ান দূতাৱাসত ক্ষেপণাস্ত্রৰ আঘাতৰ ফলত ১৫গৰাকী লোক নিহত হৈছিল৷ এই ১৫ ইৰানীয়ান নাগৰিকৰ ভিতৰত আছিল দেশখনৰ তিনিগৰাকী জ্যেষ্ঠ সেনা বিষয়াও৷ ইজৰাইলে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও তাৎক্ষণিকভাৱে ইৰানে অভিযোগ তোলে যে এই নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছে ইজৰাইলী সেনাই৷ ইয়াৰ লগতে ইজৰাইলক ইয়াৰ প্রত্যুত্তৰ দিয়া হ’ব বুলি ইৰান চৰকাৰে সকীয়নি বার্তা প্রেৰণ কৰিছিল৷ যোৱা ১৩ এপ্রিলৰ নিশা হঠাতে ইৰানে ইজৰাইলৰ ওপৰত আক্রমণ চলায়৷ অৱশ্যে অধিকসংখ্যক ড্রোন আৰু ক্ষেপণাস্ত্র ধ্বংস কৰি পেলায় ইজৰাইলী সেনাৰ ‘আইৰন ডোমে’৷ তথাপি এই আক্রমণক সহজভাৱে লোৱা নাই ইজৰাইলে৷ লক্ষণীয় বিষয়টো হৈছে– যোৱা বছৰ ৭ অক্টোবৰত গাজা ভূখণ্ডৰ পৰা ইজৰাইলত প্রৱেশ কৰি পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছে চলোৱা আক্রমণত ১২ শতাধিক ইজৰাইলী নাগৰিক নিহত হৈছিল৷ আনকি হামাছে অপহৰণ কৰিছিল ইজৰাইলী আঢ়ৈ শতাধিক সেনা তথা অসামৰিক লোকক৷ ইয়াৰ পিছতে গাজা ভূখণ্ডৰ পৰা হামাছক উৎখাত কৰিবলৈ ইজৰাইলে আৰম্ভ কৰে সামৰিক অভিযান৷ যদিও এই অভিযান হামাছক উৎখাতৰ বাবে আৰম্ভ কৰা হয়, ইয়াৰ বলি হয় নিৰীহ পেলেষ্টাইনী লোকসকল৷ গাজাৰ আৱাসিক অঞ্চলসমূহ অতি নৃশংসভাৱে ধ্বংস কৰি পেলায় ইজৰাইলী সেনাই৷ এতিয়াও গাজা ভূখণ্ডত এই ৰক্তক্ষয়ী অভিযান চলাই আছে ইজৰাইলে৷ ইজৰাইলৰ এই অভিযানত বত্রিশ সহস্রাধিক নিৰীহ পেলেষ্টাইনী লোক নিহত হৈছে৷ নিহত লোকসকলৰ ভিতৰত গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ ইফালে, সংঘর্ষজর্জৰ গাজা ভূখণ্ডত ভয়াৱহ খাদ্য সংকটত তিলতিলকৈ মৃত্যুক আদৰি ল’বলগীয়া হৈছে লাখ লাখ লোকে৷ ইজৰাইলী সেনাৰ আক্রমণৰ ফলত গাজাৰ এই পৰিস্থিতিয়ে বিশ্বজুৰি সৃষ্টি কৰিছে প্রতিক্রিয়া৷ ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সংস্থাসমূহে তাৎক্ষণিকভাৱে যুদ্ধ বন্ধ কৰিবলৈ ইজৰাইলক আহ্বান জনাই আহিছে যদিও ইহুদী ৰাষ্ট্রখনে এই ক্ষেত্রত কাৰো কথাত গুৰুত্ব দিয়া নাই৷ আনকি বন্ধু ৰাষ্ট্র আমেৰিকাৰ যুদ্ধবিৰতি দাবীকো অগ্রাহ্য কৰিছে ইজৰাইলে৷

এনে পৰিস্থিতিৰ মাজত বাৰে বাৰে ইৰানে ইজৰাইলক সতর্কবাণী কৰি আহিছে যে গাজাৰ পৰিস্থিতি যিমানেই ভয়াৱহ হ’ব, সিমানেই আৰব বিশ্বত ইজৰাইলৰ সন্মুখত সৃষ্টি হ’ব প্রত্যাহ্বান৷ স্মর্তব্য যে আৰব বিশ্বত ইজৰাইলৰ জন্মক লৈ আৰম্ভণিৰে পৰা মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহ ক্ষুণ্ণ৷ এই ক্ষেত্রত চিয়া মুছলমানপ্রধান ইৰানে সদায় ইজৰাইলৰ বিৰুদ্ধে ক্ষোভ উজাৰি আহিছে৷ ছিৰিয়াৰ গোলানহাইটছ ইজৰাইলে দখল কৰাৰ পিছৰে পৰা পশ্চিম এছিয়াৰ বিভিন্ন দেশত ইজৰাইলবিৰোধী ক্ষোভ বৃদ্ধি পাইছে৷ সমান্তৰালকৈ ইজৰাইলৰ ভৱিষ্যৎ পৰিকল্পনাক বাধা দিবলৈ আৰব বিশ্বত কেইবাটাও সশস্ত্র সংগঠনক বিভিন্ন ধৰণে সহায় কৰি আহিছে ইৰানে৷ এই সংগঠনবোৰৰ ভিতৰত পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছ অন্যতম৷ সেইদৰে লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লায়ো দীর্ঘদিনৰে পৰা ইৰানৰ সহায় লাভ কৰি আহিছে৷ আশীৰ দশকতে গঠিত হিজবুল্লাৰ এতিয়া যোদ্ধাৰ সংখ্যা লক্ষাধিক৷ ইয়াৰ উপৰি য়েমেনৰ সশস্ত্র সংগঠন হুথীকো দীর্ঘদিনৰে পৰা সামৰিক সাহায্য আগবঢ়াই আহিছে ইৰানে৷ এই সংগঠনসমূহে আৰব বিশ্বত ইহুদী ৰাষ্ট্র ইজৰাইলৰ সম্রসাৰণবাদৰ নীতিক প্রত্যাহ্বান জনাই আহিছে৷ শেহতীয়াকৈ গাজা ভূখণ্ডত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা যুদ্ধক কেন্দ্র কৰি হিজবুল্লা আৰু হুথীও ক্ষুব্ধ হৈছে৷ আনকি হিজবুল্লাই ইৰানৰ আক্রমণৰ পিছতে দেশখনৰ উত্তৰ সীমান্তৰ পৰা ইজৰাইলৰ সেনাক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে৷ হামাছৰ বিৰুদ্ধে হোৱা যুদ্ধৰ প্রতিশোধ ল’বলৈ ভূমধ্য সাগৰীয় অঞ্চলত আমেৰিকা তথা ইউৰোপীয় দেশৰ বাণিজ্যিক জাহাজসমূহত আক্রমণ চলাই আহিছে হুথীয়ে৷ এইবাৰ ইৰানে প্রত্যক্ষভাৱে ইজৰাইলৰ ওপৰত আক্রমণ চলোৱাৰ লগে লগে এই সংগঠনসমূহেও ইজৰাইলৰ বিৰুদ্ধে যুদ্ধংদেহি মনোভাব গ্রহণ কৰিছে৷ তাৎপর্যপূর্ণ কথাটো হৈছে– ৰাষ্ট্রসংঘৰ মজিয়াত ইৰানে ইজৰাইলৰ ভাবুকিৰ বিৰুদ্ধে আৰু আত্মৰক্ষাৰ স্বার্থত আক্রমণ চলোৱা বুলি দাবী কৰিছে৷ কিন্তু বিষয়টোৱে এতিয়া এখন পূর্ণাংগ যুদ্ধৰ ভিত্তি তৈয়াৰ কৰি দিছে৷

You might also like