নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাজু হৈ উঠিছে হিয়াৰ আমঠু জুবিনৰ অন্তিম ঠিকনা

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২২  ছেপ্টেম্বৰ :  কাইলৈ সোণাপুৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ  শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ ইতিমধ্যে সোণাপুৰৰ কমাৰকুছিৰ দিচাং ৰিজৰ্টৰ সমীপৰ  ৰাষ্ট্ৰীয় পথৰ কাষতে ১০ বিঘা ভূমি সম্পূৰ্ণ সাজু কৰি তোলা হৈছে । দিনে-নিশাই তীব্ৰ গতিত কাম চলিছে  সমাধিক্ষেত্ৰস্থলীত । পুৱাৰে পৰা মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু, বিমল বৰাৰ লগতে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে উপস্হিত হৈ  কাম-কাজৰ পৰ্যবেক্ষণ কৰিছে ৷ ইফালে, আজি দিনৰ ১২.৪০ বজাত জুবিন গাৰ্গৰ সমাধিস্থলীৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। সমাধিক্ষেত্ৰৰ গোটেইখিনি ঠাই পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দহ বিঘা ভূমি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু কৰি তোলা হৈছে যদিও শিল্পীগৰাকীৰ স্মৃতি চিৰযুগমীয়াকৈ ৰাখিবৰ বাবে আৰু বিশ বিঘা ভূমি সামৰি লোৱা হ’ব ৷

সমাধিস্থলী পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা আঠ বজাৰ ভিতৰত সৰুসজাইৰ পৰা সোণাপুৰৰ সমাধিক্ষেত্ৰলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ অনা হ’ব ৷ হিয়াৰ আমঠু শিল্পীগৰাকীৰ শেষ যাত্ৰাত যাতে আমি সকলোৱে স-সন্মানেৰে বিদায় দিব পাৰোঁ ৷ সমাধিক্ষেত্ৰস্থলীত প্ৰায় 6-7 হাজাৰ লোকহে সমৱেত হ’ব পাৰিব ৷ তাত বহু লোক উপস্হিত হোৱাৰ বাবে ঠাইৰ অসুবিধা হ’ব ৷ সেয়েহে অসমবাসী ৰাইজলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ- গাঁৱৰ বা নগৰৰ ৰাজহুৱা স্থানত ডাঙৰ টিভিৰ ব্যৱস্থা কৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া চোৱাৰ ব্যৱস্থা কৰা হওক ৷

উল্লেখ্য যে সমাধিস্থলী সাজু কৰি তোলাৰ বাবে কালিৰে পৰা দিনে-নিশাই তীব্ৰ গতিত কাম চলি আছে ৷ বিদ্যুৎ বিভাগৰ লগতে লোকনিৰ্মাণ বিভাগে নিজৰ নিজৰ কাম-কাজ কৰি থকা পৰিলক্ষিত হৈছে ৷ হাবি-জংঘলেৰে আৱৰি থকা ভূমিখিনি ইতিমধ্যে চাফ-চিকুণ কৰি সুন্দৰকৈ সজাই তোলা হৈছে ৷ অন্ত্যেষ্টিক্ৰিয়াস্থলীত প্ৰায় ৬-৭ হাজাৰ লোক একেলগে গোট হৈ শেষ শ্ৰদ্ধাঞ্জলি দিব পৰাকৈ ব্যৱস্থা কৰা হৈছে ৷

ইপিনে, কাইলৈ ২৭ নং ৰাষ্ট্ৰীয় পথছোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব ৷ ৰাষ্ট্ৰীয় পথত থাকিও শেষকৃত্য দৰ্শন কৰিব পাৰিব ৰাইজে ৷ মুঠৰ ওপৰত আজি নিশাৰ ভিতৰতে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো যাৱতীয়  কাম সম্পন্ন হ’ব ৷

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, কংগ্ৰেছ দলৰ ভূপেন বৰা, মীৰা বৰঠাকুৰেও  জুবিন গাৰ্গৰ সমাধিস্থলী পৰিদৰ্শন কৰে ।

প্ৰেৰক ৰমেশ দাস
You might also like