নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ ছেপ্টেম্বৰ, আহিন মাহৰ ৯ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ ১০ শুভ সংখ্যা, হালধীয়া শুভ ৰং৷

বৃষ : পুৱা ১০ বজাৰ পৰা শুভ কর্মাদিত আগনবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ ভালে নাযাব৷ দাম্পত্যত মধ্যম৷ বগা শুভ ৰং, ২ শুভ সংখ্যা৷

মিথুন : গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ ভ্রমণত সমস্যা থাকিব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত শুভ৷ ধনত ভাল৷ নীলা শুভ ৰং, ৫ শুভ সংখ্যা৷

কর্কট : ভ্রমণৰ ইচ্ছা কৰিলে সুযোগ পাব৷ মামলা–মোকর্দমাত জয়ী হোৱাৰ সম্ভাৱনা৷ নাৰীৰ শুভ দিন৷ বিদ্যাত যত্ন কৰক৷ হালধীয়া শুভ ৰং, ২ শুভ সংখ্যা৷

সিংহ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ আর্থিকত মধ্যম ফল পাব৷ বিদ্যাত সফলতা পাব৷ প্রেমত আৱেগিকতা বর্জনীয়৷ ৰঙা শুভ ৰং, ৩ শুভ সংখ্যা৷

কন্যা : শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই৷ চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্ধুবর্গৰ পৰা প্রতাৰিত হ’ব পাৰে৷ সেউজীয়া শুভ ৰং, ৫ শুভ সংখ্যা৷

তুলা : আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্র বৃদ্ধি পাব৷ বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব৷ ঘৰুৱা মজলীয়া। ৮ শুভ সংখ্যা, বগা শুভ ৰং৷

বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কর্মক্ষেত্রত দক্ষতাৰে আগুৱাব পাৰিব৷ বিদ্যাত মধ্যম৷ আর্থিকত মজলীয়া অগ্রগতি৷ সোণালী শুভ ৰং, ১ শুভ সংখ্যা৷

ধনু : নাৰীৰ বাবে দিনটো শুভ৷ মাটি–বাৰীৰ সম্পর্কে সু–সংবাদ লাভ কৰিব৷ বিদ্যাত শুভ৷ ভ্রমণ কৰিব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷ বগা শুভ ৰং, ৪ শুভ সংখ্যা৷

মকৰ : ব্যৱসায়–বাণিজ্যত মজলীয়া ফল পাব৷ সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ শৰীৰৰ প্রতি অৱজ্ঞা নকৰিব৷ গেৰুৱা শুভ ৰং, ৫ শুভ সংখ্যা৷

কুম্ভ : কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ বিদ্যার্থীৰ বাবে দিনটো বেয়া নহ’ব৷ প্রেম–প্রণয়ত শুভ৷ ভগ্ণীৰ বিয়াৰ যোগ৷ নীলা শুভ ৰং, ৮ শুভ সংখ্যা৷

মীন : কোনো সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে৷ বিদ্যাতো ভালে নাযাব৷ দাম্পত্যত ভবা মতে সুখী নহ’ব৷ শৰীৰৰ মধ্যম৷ ৰঙা শুভ ৰং, ১ শুভ সংখ্যা৷

You might also like