নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ মৃত্যু ঘটনাৰে মই কোনোপধ্যেই জড়িত নহয়, ছচিয়েল মিডিয়াত আৱিৰ্ভাৱ শ্যামকানুৰ

প্ৰায় সাত দিনৰ অন্তত সামাজিক মাধ্যমত মুখখন তেওঁ দেখুৱালে। পিছে ৰাইজৰ আগত ধৰা দিয়াৰ বাবে নহয়, নহয় কিম্বা জুবিনৰ মৃত্যু সন্দৰ্ভত কিবা খবৰ দিব বা কিবা আশ্বস্ত হব পৰা খবৰ দিব। সামাজিক মাধ্যমত ধূৰ্ত, চতুৰ শ্যামকানু লাইভ আহিল মাথোঁ আত্মপক্ষ সমৰ্থনৰ বাবে, নিজৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে, আইনী সহায় বিচাৰিবৰ বাবে, ৰাইজৰ আগত নিজক নিৰ্দোষী সজাবৰ বাবে।

সামাজিক মাধ্যমত পোষ্ট কৰা ভিডিঅত শ্যামকানুৱে কয়, জনৰোষত পৰাৰ ভয়ত মই গুৱাহাটীলৈ আহিব পৰা নাই।

জুবিন গাৰ্গৰ মৃত্যুক লৈ আজি ফেষ্টিভেল মহন্ত শ্যামকানুৱে এটা ভিডিঅ মুকলি কৰিছে। এই ভিডিঅত নিজকে নিদোৰ্ষী বুলি সজাবৰ চেষ্টা কৰিলে শ্যামকানুৱে। ভিডিঅত তেওঁৰ মন্তব্য-  ৰাইজৰ ৰোষত পৰাৰ ভয়ত মই গুৱাহাটীলৈ যোৱা নাই। মোক মিছাতে এক চক্ৰই দোষী সজাইছে।

জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ শ্যামকানুৰ মন্তব্য- জুবিন ছিংগাপুৰলৈ অহাৰ পূৰ্বে মুম্বাইত সুন্দৰকৈ গীত পৰিৱেশন কৰিছিল। প্ৰচাৰ হোৱাৰ দৰে জুবিন সিমান অসুস্থ নাছিল। জুুবিনে নিজেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ অহাৰ কথা হৈছিল মোক। 

ইফালে শ্যামকানুৰ মন্তব্য – জুবিন মৃত্যু হোৱাস্থলীৰ পৰা বহু দূৰৈত আছিলো মই, এই ঘটনাৰ সৈতে মই কোনো পধ্যেই জড়িত নহয়। সমগ্ৰ ঘটনাৰ ওপৰত আইনে বিচাৰ কৰিব।

জুবিনক হেৰুৱাৰ পিছত ময়ো খুবেই মৰ্মাহত হৈ আছো, জুবিনক হেৰুওৱাৰ দুখে মোক শোকাহত কৰিছে।

আনহাতে তেওঁ জনায় যে বৰ্তমান মই অসমত নাই।

ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছিল বুলিও শ্যামকানু মহন্তই ভিডিঅত সদৰী কৰে।

এতিয়া এই ভিডিঅ প্ৰচাৰ হোৱাৰ পিছত কি ৰূপ ধাৰণ কৰে, তাৰ ওপৰত ৰাইজে দৃষ্টি ৰাখি আছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ ছেপ্টেম্বৰ

You might also like