নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ নৱেম্বৰ, কাতি মাহৰ ১৬ তাৰিখ
সোমবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : শুভ

মেষ : মংগল গ্রহৰ প্রভাৱত কর্ম সমাপন কৰিব পাৰিব৷ পিছবেলা দূৰ ভ্রমণ নকৰিব৷ কর্মস্থানত মধ্যম৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৩৷

বৃষ : পুৰণি ৰোগে আমনি কৰিব৷ হঠাৎ কোনো ব্যক্তিৰ লগত মতানৈক্য সৃষ্টি হ’ব পাৰে৷ কর্মস্থানত শুভ৷ বিদ্যাত মধ্যম৷ নীলা শুভ ৰং৷ শুভ সংখ্যা ৮৷

মিথুন : সামাজিক কামত আগ্রহ বাঢ়িব৷ মানসিক শান্তি। দুষ্ট লোকৰ পৰা সাৱধান। আয়তকৈ ব্যয় বৃদ্ধি৷ কর্মত শুভ৷ সোণালী শুভ ৰং৷ শুভ সংখ্যা ৫৷

কর্কট : শৰীৰৰ প্রতি নজৰ ৰাখিব৷ খং ত্যাগ কৰক৷ পদোন্নতিৰ যোগ৷ বন্ধুৰ পৰা সাৱধান হওক৷ নিজৰ লক্ষ্যৰ প্রতি নজৰ ৰাখক৷ পাতল নীলা শুভ ৰং৷ শুভ সংখ্যা ৭৷

সিংহ : কর্মত উদাৰতা থাকিব৷ আর্থিক উন্নতি৷ ৰাজনৈতিক বা সামাজিক ক্ষেত্রত উন্নতি হ’ব৷ কর্মক্ষেত্রত শুভ৷ হতাশা দূৰ হ’ব৷ কমলা শুভ ৰং৷ শুভ সংখ্যা ৩৷

কন্যা : দূৰ ভ্রমণ কৰিব পাৰিব৷ চাকৰিৰ যোগ। কর্মত উন্নতি আৰু পৰিৱর্তন। প্রেমত শুভ৷ গুৰুৰ কৃপা লাভ কৰিব৷ সোণালী ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ২৷

তুলা : কর্মসংস্থাপনৰ যোগ৷ ঘৰুৱাত মধ্যম৷ ভ্রমণত বাধা৷ আর্থিকত শুভ৷ শত্রুৰ পৰা সাৱধান৷ হালধীয়া শুভ ৰং৷ শুভ সংখ্যা ৯৷

বৃশ্চিক : ভবাতকৈ অধিক আনন্দিত হ’ব৷ ৰৈ থকা কাম সমাধান হ’ব৷ দূৰ ভ্রমণ নকৰাই ভাল৷ কর্মস্থানত মধ্যম৷ অর্থ লাভ৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ৭৷

ধনু : নতুন কামত তৎপৰ হওক৷ ভ্রমণত শুভ৷ বগলা পূজা কৰক৷ শাৰীৰিক দুর্বলতা আঁতৰিব৷ দাম্পত্যত মধ্যম৷ গেৰুৱা শুভ ৰং৷ শুভ সংখ্যা ৬৷

মকৰ : নতুন যোগাযোগৰ পৰা উপকৃত হ’ব৷ বন্ধুৰ পৰা আনন্দ লাভ কৰিব৷ লক্ষ্যত উপনীত হ’ব পাৰিব৷ প্রেমত বাধা। খৰচ বৃদ্ধি। সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৩৷

কুম্ভ : অর্থ লাভ৷ কর্মত শুভ৷ ঘৰুৱা মধ্যম৷ গোপন শত্রু বৃদ্ধি৷ বন্ধুৰ পৰা আনন্দ লাভ৷ যান–বাহনৰ পৰা সাৱধান৷ কমলা শুভ ৰং৷ শুভ সংখ্যা ৬৷

মীন : যান–বাহনৰ ক্ষতি হ’ব পাৰে৷ কর্মস্থানত শুভ৷ বিদ্যার্থীসকলে অধিক কষ্ট কৰিব লাগিব৷ শৰীৰৰ প্রতি লক্ষ্য ৰাখক৷ মাখন শুভ ৰং, শুভ সংখ্যা ৭৷

You might also like