নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ছবিৰ জয়যাত্রা

১৯৩৫ চনত অসমীয়া চলচ্চিত্রৰ ইতিহাস আৰম্ভ হৈছিল৷ জ্যোতিপ্রসাদ আগৰৱালাই কাটি দিয়া সেন্দূৰীয়া আলিৰে যাত্রা আৰম্ভ হৈছিল অসমীয়া ছবিৰ৷ প্রথমখন অসমীয়া ছবি ‘জয়মতী’ৰ পৰিচালক আছিল জ্যোতিপ্রসাদ আগৰৱালা৷ এইখন চলচ্চিত্রই অসমীয়া ছবি জগতলৈ এক নতুন দিগন্ত আনিলে৷ ইয়াৰ পৰৱর্তী সময়ত জ্যোতিপ্রসাদ আগৰৱালাৰ নামেৰে নির্মাণ কৰা জ্যোতি চিত্রবন ষ্টুডিঅ’ আৰু ১৯৭৪ চনত প্রতিষ্ঠা লাভ কৰা অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমে অসমীয়া চলচ্চিত্রৰ উন্নতিৰ হকে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে৷ জ্যোতিপ্রসাদৰ হাত ধৰি পৰৱর্তী সময়ত নির্মিত হৈছে অসংখ্য উন্নতমানৰ ছবি৷ ’৪০ৰ দশকত ‘মনোমতী’, ‘বদন বৰফুকন’ ফণী শর্মাৰ ‘চিৰাজ’ৰ দৰে ছবিয়ে চহকী কৰে অসমীয়া ছবিজগতক৷ ’৫০ৰ দশকতো কেইবাখনো অসমীয়া ছবিয়ে ৰাষ্ট্রীয় পর্যায়ত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ এই দশকটোতে ‘পিয়লি ফুকন’ ছবিখনে লাভ কৰে ৰাষ্ট্রীয় পুৰস্কাৰ৷ স্বাধীনতা সংগ্রামী পিয়লি ফুকনৰ জীৱন ভিত্তিত নির্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছিল ফণী শর্মাই৷ ড০ ভূপেন হাজৰিকাই ছবিখনৰ সংগীত পৰিচালনা কৰিছিল৷ এইটো দশকতে নিপ বৰুৱাই অসমীয়া চলচ্চিত্র জগতত আত্মপ্রকাশ কৰে৷ একেদৰে ড০ ভূপেন হাজৰিকাই নির্মাণ কৰি উলিয়াইছিল তেওঁৰ প্রথম ছবি ‘এৰাবাটৰ সুৰ’৷ ১৯৫৯ চনত নির্মাণ কৰা ‘পূৱেৰুণ’ ছবিখন বার্লিন চলচ্চিত্র মহোৎসৱত প্রদর্শিত হয়৷ ’৬০ৰ দশকৰ মাজভাগৰ পৰা নিয়মীয়াভাৱে অসমীয়া চলচ্চিত্রৰ নির্মাণ আৰম্ভ হয়৷ ১৯৩৫ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত মুঠ ৬২খন অসমীয়া ছবি নির্মাণ কৰা হৈছিল৷ উল্লেখযোগ্য যে ১৯৭০ৰ পৰা ১৯৮২ চনৰ ভিতৰতে নির্মাণ কৰা হয় ৫৭খন অসমীয়া চলচ্চিত্র, ১৯৭২ চনত প্রথমখন ৰঙীন অসমীয়া ছবি ‘ভাইটি’য়ে মুক্তিলাভ কৰে৷ ’৮০ৰ দশকত জাহ্নু বৰুৱা, সঞ্জীৱ হাজৰিকা, সান্ত্বনা বৰদলৈ, বিদ্যুৎ চক্রৱর্তী, মঞ্জু বৰুৱা আদিয়ে কেইবাখনো উন্নতমানৰ ছবি নির্মাণ কৰিছিল৷ ১৯৮৮ চনত জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’–এ প্রথমখন অসমীয়া ছবি হিচাপে ৰাষ্ট্রীয় পুৰস্কাৰ লাভ কৰিছিল৷ সেই বছৰেই ছবিখনে লোকার্ণো আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত একাধিক পুৰস্কাৰ লাভ কৰিছিল৷
২০০০ৰ দশকতো কেইবাখনো ভাল ছবি উপভোগ কৰাৰ সুযোগ লাভ কৰে অসমীয়া দর্শকে৷ ২০১০ৰ দশকটোত অসমীয়া বাণিজ্যিক ছবিয়ে নতুন গতি লাভ কৰে৷ এই ছবিকেইখন হ’ল– জুবিন গার্গৰ ‘মিছন চাইনা’, প্রেৰণা বৰবৰুৱাৰ ‘তুমি আহিবানে’, মুনিন বৰুৱাৰ ‘ৰামধেনু’ আৰু ‘প্রিয়াৰ প্রিয়’৷ জুবিন গার্গৰ ‘মিছন চাইনা’ই ৬ কোটি টকা আয় কৰি ইতিহাস ৰচনা কৰে৷ আন তিনিখন চলচ্চিত্রই আয় কৰিছিল প্রায় ২ কোটি টকা৷ জুবিন গার্গে ৩৮ হাজাৰ গীত গাই অভিলেখ সৃষ্টি কৰাৰ সমান্তৰালভাৱে চলচ্চিত্র নির্মাণত হাত দিছিল৷ তেওঁৰ সপোন আছিল অসমীয়া চলচ্চিত্র উদ্যোগক উচ্চ শিখৰলৈ আগুৱাই নিয়া৷ ২০১৯ চনত জুবিন গার্গে নির্মাণ কৰা ‘কাঞ্চনজংঘা’ই আয় কৰিছিল প্রায় ৭ কোটি টকা৷ ২০১৬ চনৰ পৰা এই পর্যন্ত প্রায় ৩০খন ছবিয়ে ১ কোটিৰ পৰা ৭ কোটি টকা পর্যন্ত আয় কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ভিতৰত ‘বিদুৰ ভাই’, ‘ভাইমনদা’, ‘শ্রীৰঘুপতি’, ‘ৰুদ্র’, ‘ৰত্নাকৰ’, ‘ড০ বেজবৰুৱা’, ‘ৰাঘৱ’, ‘লোকেল কুংফু’, ‘ৰাগ’, ‘অভিমন্যু’, ‘গানে কি আনে’, ‘স্বর্গৰথ’, ‘গুলাইচোৰ’ আদি অন্যতম৷ সম্প্রতি অসমৰ চৌদিশে প্রদর্শিত হৈ থকা ‘ৰৈ ৰৈ বিনালে’ ছবিখনে সর্বকালৰ সকলো অভিলেখ ভংগ কৰিছে৷ জুবিন গার্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ই যোৱা ৩১ অক্টোবৰত মুক্তিলাভ কৰিছে৷ প্রথম দিনাই ছবিখনে ২.৫ কোটি টকা উপার্জন কৰি এক অভিলেখ সৃষ্টি কৰিছে৷ আকস্মিকভাৱে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গে ছিংগাপুৰত মৃত্যুক সাবটি লোৱাৰ পিছত শিল্পীগৰাকীয়ে নির্মাণ কৰি থৈ যোৱা ছবিখনক লৈ সকলোৰে আগ্রহ তুংগত আছে৷ ৰাজেশ ভূঞাই পৰিচালনা কৰা, জুবিন গার্গে অভিনয় কৰা ছবিখনে পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ ‘ৰৈ ৰৈ বিনালে’ৰ দর্শনীয়ে ৬০০টা অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে অসমৰ ৪৬খন চহৰত থকা ৯০টা চিত্রগৃহত ছবিখন সগৌৰৱে চলি আছে৷ পুৱা ৪.৩০ বজাৰ পৰা নিশা ১২ বজালৈ ছবিখনৰ দর্শনী প্রদর্শিত হৈছে৷ অসমৰ প্রতিটো ছবিগৃহৰ উপৰি অৰুণাচল, মেঘালয় আৰু মণিপুৰত মুক্তি লাভ কৰা ছবিখনে মুম্বাই, কলকাতা, পুনে, কেৰালা, হায়দৰাবাদকে ধৰি সমগ্র দেশত মুক্তি লাভ কৰিছে৷ ১৫ নৱেম্বৰৰ পৰা বিদেশতো মুক্তি দিয়াৰ কথা জানিব পৰা গৈছে৷ আনকি ‘বাহুবলী এপিক’ নামৰ ছবিখনে অসমত প্রদর্শনৰ বাবে ছবিগৃহই নাপালে৷ অন্ততঃ ৩ মাহলৈ ছবিখন অসমত চলিব বুলি ধাৰণা কৰা হৈছে৷ কিন্তু দর্শকৰ এই আগ্রহ পৰৱর্তী সময়ত থাকিবনে সেয়া লক্ষণীয় হ’ব৷ জুবিনৰ প্রতি থকা আৱেগৰ বাবেও অসংখ্য লোক ছবিগৃহলৈ আহিছে৷ আশা কৰোঁ পৰৱর্তী সময়ত এই ধাৰা অব্যাহত থাকিব৷

You might also like