আজি ১৮ এপ্রিল, ব’হাগ মাহৰ ৪ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই
মেষ : আজি ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ বিয়া–বাৰুৰ কথাত আগনবঢ়াই ভাল৷ বিদ্যাত বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
বৃষ : আজি পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ স্বাস্থ্যত মধ্যম৷ ব্যৱসায়ত শুভ৷ প্রেমত সাৱধান৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
মিথুন : আজি বিবাহত সমস্যাৰ সন্মুখীন হ’ব৷ কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক৷ মানসিক অশান্তিত ভুগিব পাৰে৷ চাকৰিয়ালৰ শুভ৷ বিদ্যাত বাধা৷ প্রেমত উৎসাহ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কর্কট : আজি অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা৷ অধ্যয়নত নিৰুৎসাহ হোৱাৰ যোগ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত নতুন প্রস্তাৱ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
সিংহ : আজি পুৰণি ৰোগৰ উপশম হ’ব৷ ব্যৱসায়ত আর্থিক লাভৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ বিদ্যাত সাফল্য৷ প্রেমত আনন্দ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷
কন্যা : আজি পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পঢ়া–শুনাত চেষ্টা অব্যাহত ৰাখক৷ প্রেমত অশান্তি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮৷
তুলা : আজি মহিলাসকলে গৃহ উদ্যোগত সুযোগ লাভ কৰিব৷ সন্তানৰ শুভ৷ ছাত্র–ছাত্রীসকলৰ বাবে দিনটো শুভ৷ ঘৰুৱা দিশত চিন্তা৷ প্রেমত সন্দেহ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
বৃশ্চিক : আজি সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব৷ কর্মক্ষেত্রত সৰু–সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ঘৰুৱা দিশত শুভ৷ প্রেমত বাধা৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৩৷
ধনু : আজি বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ বিদ্যাত জটিলতা, প্রেমত আনন্দ প্রাপ্তি৷ পেটৰ অসুখৰ কাৰণে অশান্তি পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
মকৰ : আজি চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল৷ আর্থিক দিশত উন্নতি লাভ কৰিব৷ বিবাহৰ যোগাযোগত শুভ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
কুম্ভ : আজি চাকৰিত সাফল্য লাভৰ যোগ৷ পেটৰ অসুখে আমনি দিব পাৰে৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত সাৱধান৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৪৷
মীন : আজি বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ বিদ্যাত বাধা৷ মাতৃৰ শৰীৰক লৈ চিন্তা৷ প্রেমত আনন্দ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷