সম্পাদকীয় : বিহুৰ বান্ধোন
বিহু অসমীয়াৰ কেৱল জাতীয় উৎসৱেই নহয়, বিহু কেৱল অসমীয়াৰ সংস্কৃতিয়েই নহয়, বিহু অসমীয়াৰ আয়ুস ৰেখা৷ প্রায় পাঁচ দশক পূর্বে সুধাকণ্ঠই কৈ গৈছে বিহু মাথোঁ এটি ঋতু নহয়, বিহু অসমীয়াৰ আয়ুস ৰেখা৷ অসমীয়া জাতিৰ অতি চেনেহৰ, অতি হেঁপাহৰ, অতিকৈ আদৰৰ বাপতিসাহোন ব’হাগ বিহু৷ ব’হাগ বিহু অসমীয়াৰ জাতীয় জীৱনত নিবিড় এনাজৰীৰে বান্ধি ৰখা জাতীয় অনুপ্রেৰণা৷ জাতীয় জীৱনৰ সকলো আৱেগ, উছাহ, ৰং–ৰহইচ এই ৰঙালী বিহুতেই সম্পূর্ণৰূপে প্রকাশ পায়৷ প্রকাশ পায় অসমীয়াৰ জাতীয় জীৱনৰ নিকপকপীয়া বান্ধোন৷ এই ব’হাগতেই অসমীয়া জাতিয়ে পুৰণি সাজ সলাই নতুন দিনৰ স্বপ্ণ গাঁঠে৷ ব’হাগত গছ–লতা, তৰু–তৃণে কুঁহিপাত মেলে৷ কুঁহিপাত মেলে অসমীয়াৰ জাতীয় জীৱনৰ সাহেও৷ ব’হাগ বিহুৰ লগত অসমৰ সকলো জাতি–উপজাতি শিপালৈকে সংপৃক্ত হৈ আছে৷ অসমীয়াৰ জাতীয় জীৱনৰ সিৰাই–উপসিৰাই ওতপ্রোতভাৱে প্রভাৱিত হৈ আছে বিহু৷ অসমীয়া সংস্কৃতিৰ প্রায় আটাইকেইপদ বহুমূলীয়া সম্পদ বিহুৰ লগত জড়িত হৈ আছে৷ বিহুৰ লগত জড়িত হৈ আছে সংস্কৃতিৰ সমন্বয় আৰু ক্রমবিকাশৰ বুৰঞ্জী৷ প্রতিজন অসমীয়াই গণ জীৱনৰ এই সাহ ব’হাগ বিহুত এক অনন্য দৃষ্টিভংগীৰে হূদয়ংগম কৰে৷ চেনেহৰ ব’হাগ বিহুক প্রতিজন অসমীয়াই কঢ়িয়াই লৈ ফুৰে হূদয়ত৷ স্বভাৱজাত আৱেগিক জাতি অসমীয়াৰ আৱেগ আৰু স্বাভিমানৰ মূর্ত প্রতীক ৰঙালী বিহুক কেৱল বিহু গীত–বিহু নৃত্যৰে নহয়, হূদয়েৰে উদযাপন কৰে অসমীয়াই৷ বসন্তৰ আগমনত যেতিয়া প্রকৃতি পূৰঠ হৈ উঠে, গছে–বনে, ফলে–পক্ষীয়ে নতুন সাজ পিন্ধি ভৰুণ হৈ উঠে, তেতিয়াই অসমীয়াই ৰঙৰ ৰঙালীত বিলীন হৈ পৰে৷ মতলীয়া প্রকৃতিৰ আহ্বানত অসমীয়াই হাঁহে, নাচে, গীত গাই যৌৱনৰ উছাহত ৰঙীন জীৱনৰ স্বপ্ণ গুঁঠে, জাতীয় জীৱনত ৰঙৰ পোহাৰ মেলে৷ গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বা জীয়ৰী বিহু, চেৰা বা এৰা বিহুত বিলীন হৈ অসমীয়াই বিনন্দীয়া জীৱনৰ গীত ৰচে৷ এই বিহুতেই অসমীয়াৰ আৱেগ–নুভূতি সম্পূর্ণৰূপে পৰিস্ফুট হৈ উঠে৷ বিহু নৃত্য–গীতৰ সমান্তৰালকৈ জুহালত আয়োজন চলে সুস্বাদ্য খাদ্য সম্ভাৰৰ৷ তিলপিঠা, ঘিলাপিঠা, বৰপিঠা, ভাপত দিয়া পিঠা, নাৰিকলৰ লাড়ু, পকা মিঠৈ, তিলৰ লাড়ু, দৈ–চিৰাৰ সুগন্ধিয়ে আমোলমোল কৰি ৰাখে চৌপাশ৷
অসমীয়াৰ পাহাৰীয়া ভাই–ভনীসকলেও বিহুৰ বান্ধোনত বান্ধ খাই আহিছে অতীজৰে পৰা৷ জনজাতি ভাই–ভনীসকলৰ নিজ নিজ ঐতিহ্য আৰু পৰম্পৰাৰে পালন কৰি আহিছে ব’হাগ বিহু৷ লালুং আৰু দেউৰীসকলে ধর্মীয় বিশ্বাস মতে বিহুৰ পাছৰ প্রথমটো বুধবাৰত তেওঁলোকৰ পৰম্পৰাৰে বিহু উদযাপন কৰে৷ মিচিংসকলে ব’হাগ বিহুৰ আয়োজন কৰি হুঁচৰি গায়৷ ডিমাচাসকলেও ফাগুন–চ’তৰ দোমাহীৰ সময়ত উদযাপন কৰে বসন্ত উৎসৱ৷ ৰাভাসকলে পালন কৰে বায়খো উৎসৱ৷ দেৱ–দেৱীক পূজা–অর্চনাৰে তেওঁলোকে আধ্যাত্মিকভাৱে উদযাপন কৰে এই বায়খো উৎসৱ৷ টাই–বৌদ্ধসকলেও বসন্ত ঋতুতে পালন কৰে পয়–চাং কেন৷ ই টাই–বৌদ্ধসকলৰ এক মধুৰ বসন্ত উৎসৱ৷ টাই খামটি, টাইফাকে আৰু টাই খাময়াংসকলে পয়–চাং–কেন বা পয়–চাই–নাম বুলি উৎসৱ উদযাপন কৰে৷ এই উৎসৱৰ ব’হাগ বিহুৰ সৈতে সাদৃশ্য আছে৷ এই উৎসৱত টাই ডেকাই ঢোল বজায়, গাভৰুৱে গগনা বজাই পয়–চাং–কেন গীত গায়৷ একেদৰে টাই আহোমসকলৰ ছেং নাং বিহু হৈছে ৰঙালী বিহুৰে এক অন্যতম আকর্ষণীয় অনুষ্ঠান৷ এই বিহুৰে অপভ্রংশৰ পৰা জেং বিহুৰ উৎপত্তি হোৱা বুলি লোক সংস্কৃতিৰ গৱেষকসকলে মন্তব্য কৰে৷ কার্বিসকলে গৰু বিহুত দ’মাহীপে উদযাপন কৰে৷ সেইদিনা গৰুৰ গাত মাহ–হালধি ঘঁহি গা ধুৱায়৷ কার্বিসকলে গাঁৱৰ প্রধান বাংথেক আগস্থান দিও গৰু বিহুৰ দিনা বৰ গৰখীয়াজনকহে আগস্থান দিয়ে৷ মিচিংসকলৰ আলি–আয়ে–লৃগাং উদযাপন কৰা হয় এই বসন্ত উৎসৱতে৷ আনহাতে, মৰাণসকলৰ ৰাতি বিহুৱে ইতিমধ্যে অসমৰ সংস্কৃতিত এক অনন্য স্থান দখল কৰি গৈছে৷ মার্জিত আৰু পৰিসীমিত ৰূপত পালন কৰা এই ৰাতি বিহুত মৰাণ ডেকা–গাভৰুসকলে গোটেই নিশা নৃত্য–গীতত মতলীয়া হয়৷ ঠেঙাল কছাৰীসকলেও তৰা ছিঙা বিহু পালন কৰে৷ চ’ত মাহৰ দ্বিতীয় বুধবাৰে বিভিন্ন ৰীতি–নীতি, পৰম্পৰাৰ মাজেৰে গৰুৰ পঘাৰ বাবে তৰাগছ সংগ্রহ কৰে৷ গাঁৱৰ ঘৰৰ মুখিয়ালৰ চোতালত কলহে কলহে পানী ঢালি বয়োজ্যেষ্ঠসকলে সেইদিনা নাচি–বাগি বোকা খেলি বোকা বিহু পালন কৰে৷ আনহাতে পুৰুষ–গাভৰু, বৃদ্ধাসকলে বেলেগে বেলেগে দল বান্ধি ঘৰে ঘৰে বিহু মাৰি ফুৰে৷ দেউৰীসকলে ব’হাগ বিহু চৈত ছংগ্রানী নামেৰে উদ্যাপন কৰে৷ জাতি–উপজাতিসকলৰ মাজত এনেদৰে উদযাপন কৰা ব’হাগ বিহুৱে অসমীয়াৰ বান্ধোন নিকপকপীয়া কৰিছে৷