নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ইতিবাচক চিন্তা

আজিৰ দ্রুত পৰিৱর্তনশীল জগতত ইতিবাচক চিন্তা কেৱল মানসিক অভ্যাস নহয়, ই প্রয়োজনীয় শক্তি৷ প্রতিদিনে প্রতি পলে পলে মানুহ নানাধৰণৰ সমস্যা, চাপ আৰু অনিশ্চয়তাৰ সন্মুখীন হয়৷ এই সময়ত ইতিবাচক দৃষ্টিভংগীয়ে মানুহক ভাগি নপৰাকৈ, আগবাঢ়ি যাবলৈ সাহস দিয়ে৷ ইতিবাচক চিন্তা মানে বাস্তৱতাক অস্বীকাৰ কৰা নহয়, ইয়াৰ অর্থ হৈছে সমস্যাক স্বীকাৰ কৰি, তাৰ সমাধান বিচাৰি আগবাঢ়ি যোৱা৷ যিসকলে ইতিবাচক চিন্তা কৰে তেওঁলোকে ব্যর্থতাক শেষ বুলি নাভাবি শিকাৰ এটা সুযোগ হিচাপে গ্রহণ কৰে৷ এনে মনোভাবেই মানুহক অধিক দৃঢ় আৰু আত্মবিশ্বাসী কৰি তোলে৷ সমাজৰ ক্ষেত্রতো ইতিবাচক চিন্তাৰ ভূমিকা গুৰুত্বপূর্ণ৷ এজন ইতিবাচক মানুহে নিজৰ চৌহদত আশাবাদ আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে৷ পৰিয়াল, কর্মক্ষেত্র বা সমাজ সকলো ঠাইতেই এনে মানসিকতাই উন্নতি সাধন কৰাৰ লগতে একতাৰ এনাজৰী গঢ়ি তোলে৷ প্রকৃত ইতিবাচক চিন্তা হৈছে বাস্তৱতাক অনুধাৱন কৰি, সঠিক পথ বাছি আগবাঢ়ি যোৱা৷ সেইবাবে জীৱনৰ প্রতিটো ক্ষেত্রত ইতিবাচক চিন্তা–চর্চাই আমাক সবল কৰি তোলে৷ অন্ধকাৰ যিমানেই গভীৰ নহওক, সৰু পোহৰ এছাটিয়ে পথ দেখুৱাব পাৰে আৰু সেই পোহৰেই হ’ল ইতিবাচক চিন্তা৷ মানুহৰ জীৱনত চিন্তাৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ মানুহে যি ধৰণে চিন্তা কৰে, তেওঁৰ জীৱনো তেনেকৈ গঢ় লৈ উঠে৷ ইতিবাচক চিন্তা মানে হৈছে ভাল, আশাবাদী আৰু আত্মবিশ্বাসেৰে ভৰা মনোভাব৷ এইধৰণৰ চিন্তাই মানুহক আগবাঢ়ি যাবলৈ প্রেৰণা দিয়ে আৰু কঠিন পৰিস্থিতিতো সাহস যোগায়৷ মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, ‘মানুহে যি চিন্তা কৰে, তেওঁ সেইটোৱেই হৈ উঠে৷’ এই কথাটোৱে স্পষ্টকৈ দেখুৱায় যে চিন্তাৰ ওপৰতেই আমাৰ জীৱনৰ দিশ নির্ভৰ কৰে৷ যদি আমি সদায় নেতিবাচক চিন্তা কৰোঁ, তেন্তে আমাৰ মনোবল কমি যায় আৰু আমি সহজেই হতাশ হওঁ৷ ইতিবাচক চিন্তাই আমাৰ ভিতৰত আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি কৰে৷ স্বামী বিবেকানন্দই কৈছিল, ‘আমাৰ চিন্তাই আমাক গঢ়ে৷’ অর্থাৎ মানুহে নিজৰ চিন্তাৰ দ্বাৰাই নিজৰ ব্যক্তিত্বক নির্মাণ কৰিব পাৰে৷ এজন ইতিবাচক চিন্তা–চর্চা কৰা ব্যক্তিয়ে সদায় সমস্যাৰ মাজতো সুযোগ বিচাৰে৷ তেওঁ কেতিয়াও ব্যর্থতাক ভয় নকৰে, বৰঞ্চ তাৰ পৰা শিক্ষা লয়৷ ইতিবাচক চিন্তা আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী৷ বিজ্ঞানেও দেখুৱাইছে যে আশাবাদী মানুহৰ চাপ কম থাকে আৰু তেওঁলোকে অধিক সুখী জীৱন যাপন কৰে৷ হেলেন কেলাৰে কৈছিল, ‘তুমি যদি সূর্যৰ ফালে চোৱা, তেন্তে ছাঁ দেখা নাপাবা৷’ এই কথাটোৱে সূচায় যে যদি আমি ভাল দিশত মনোনিৱেশ কৰোঁ, তেন্তে দুখ–কষ্ট হেলাৰঙে নেওচিব পাৰোঁ৷

ইতিবাচক চিন্তা হৈছে সফল আৰু সুখী জীৱনৰ মূল চাবিকাঠী৷ সেয়ে আমি সদায় ভাল চিন্তা কৰিবলৈ চেষ্টা কৰা উচিত আৰু নিজৰ জীৱনক উন্নত কৰাৰ পথত আগবাঢ়ি যাব লাগে৷ জীৱনৰ বাটত প্রত্যেকেই কেতিয়াবা নহয় কেতিয়াবা ব্যর্থতাৰ সন্মুখীন হয়৷ একেই পৰিস্থিতিত এজন ভাগি পৰে, আনজনে সাহসেৰে সমস্যাৰ মোকাবিলা কৰে৷ টমাছ আলভা এডিছন হাজাৰবাৰ বিফল হৈছিল, কিন্তু তেওঁ প্রতিবাৰেই কৈছিল, ‘মই বিফল হোৱা নাই, মই হাজাৰটা উপায় শিকিছোঁ যিবোৰে কাম নকৰে৷’ ইতিবাচক চিন্তা ইয়াকে কয়, বিফলতাক শিক্ষা হিচাপে লোৱাই ইতিবাচক চিন্তাৰ প্রকৃষ্ট উদাহৰণ৷ আধুনিক স্নায়ু বিজ্ঞানে প্রমাণ কৰিছে যে আমাৰ চিন্তাই মগজুৰ গঠন সলনি কৰে, যাক কোৱা হয় নিউৰ’প্লাষ্টিচিটী৷ নেতিবাচক চিন্তাৰ পুনৰাবৃত্তিয়ে উদ্বেগ, হতাশাৰ পথ মুকলি কৰে৷ আনহাতে কৃতজ্ঞতা, আশা, সমাধানমুখী চিন্তাই ড’পামিন, ছেৰ’টনিনৰ দৰে হৰম’ন নিঃসৰণ কৰে৷ ইতিবাচক মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা বেছি, হূদৰোগৰ সম্ভাৱনা কম, আনকি আয়ুসো গডে ৭–১০ বছৰ বেছি হয় বুলি গৱেষণাই প্রমাণ কৰিছে৷ ক’ভিডৰ সময়ত আমি দেখিছোঁ ইতিবাচক চিন্তাই যাদুৰ দৰে কাম কৰিছিল৷ নেতিবাচকতা সংক্রামক, ইতিবাচকতাও৷ এজন মানুহৰ হাঁহিয়ে গোটেই কোঠাটো পোহৰ কৰিব পাৰে৷ অৱশ্যে ‘বিষাক্ত ইতিবাচকতা’ৰ পৰাও আমি আঁতৰি থকা ভাল৷ ‘সদায় হাঁহি থাকা, কান্দিব নাপায়’– এই ধৰণৰ জাপি দিয়া ইতিবাচকতাই মানুহক অধিক চাপত পেলায়৷ দুখ, খং, ভয় এইবোৰ স্বাভাৱিক আৱেগ৷ ইতিবাচক চিন্তা মানে আৱেগক চেপি ধৰা নহয়, বৰং ‘মই এতিয়া দুখত আছোঁ, কিন্তু এই অৱস্থা স্থায়ী নহয়’ বুলি নিজকে কোৱা৷ প্রতিদিনে শোৱাৰ আগতে ৩টা ভাল কথা লিখাৰ অভ্যাস কৰা বাঞ্ছনীয়৷ সৰু সৰু ভাল কথা, চাহ একাপ, বন্ধুৰ ফোন এইবোৰেই মন সলায়৷ ‘মই নোৱাৰোঁ’ৰ ঠাইত ‘মই এতিয়াও শিকি আছোঁ’ বুলি ক’লে ইতিবাচক শক্তি পোৱা যায়৷ মগজুৱে ইয়াক অনুসৰণ কৰে৷ সদায় অভিযোগ কৰা মানুহৰ পৰা আঁতৰি থাকিব লাগে৷ আশাবাদী মানুহৰ সংগ নিতান্তই বাঞ্ছনীয়৷ চিন্তা কৰি থকাতকৈ সৰু এটা খোজ আগবঢ়োৱাটো বুদ্ধিমানৰ লক্ষণ৷ কামেই দুশ্চিন্তাৰ সর্বোত্তম দৰব৷ অন্ধকাৰত ইতিবাচক চিন্তাই বাট দেখুৱায়৷ আশাবাদেই সেই চাকিগছ৷

You might also like