আজি ২৭ এপ্রিল, ব’হাগ মাহৰ ১৩ তাৰিখ
সোমবাৰ : তিথি–শুক্লা একদশী, নক্ষত্র : পুষ্যা, যাত্রা : নাই
মেষ : আজি দূৰ ভ্রমণৰ যোগ৷ কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ : আজি কর্ম উন্নতিত আনৰ প্রভাৱ পৰিব পাৰে৷ বিখ্যাত লোকৰ সংগ পাব পাৰে৷ ভ্রমণ নকৰাই ভাল৷ প্রেমত সাৱধান৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
মিথুন : আজি পশ্চিম দিশত ভ্রমণত লাভৱান হ’ব৷ শত্রু নাশ হ’ব৷ গোপন তথ্যৰ সন্ধান পাব পাৰে৷ শৰীৰ মধ্যম৷ আর্থিকত খৰচ বাঢ়িব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
কর্কট : আজি কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে৷ সু–সংবাদ পাব পাৰে৷ পৰিস্থিতিৰ লগত কিছু মোকাবিলা কৰিব লগা হ’ব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
সিংহ : আজি ধার্মিক দিশ প্রকাশ পাব৷ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ অশুভ৷ আর্থিকত চিন্তা বৃদ্ধি৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
কন্যা : আজি কোনো যোগাযোগৰ পৰা লাভৱান হ’ব পাৰে৷ শিং থকা জীৱ–জন্তুৰ পৰা সাৱধান হওক৷ কর্মক্ষেত্রত মধ্যম৷ প্রেমত কষ্ট৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৫৷
তুলা : আজি লেখক–লেখিকাৰ সুনাম বৃদ্ধি পাব৷ শৰীৰ শুভ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ দাম্পত্যত শুভ৷ নতুন সংস্থাপন পাব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷
বৃশ্চিক : আজি যান–বাহনত কষ্ট পাব পাৰে৷ নিজৰ শক্তিত বিশ্বাস ৰাখক৷ কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷
ধনু : আজি কর্মক্ষেত্রত সমান বৃদ্ধি পাব৷ মনলৈ দুশ্চিন্তা নানিব৷ শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে৷ ব্যৱসায়ত সফলতা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মকৰ : আজি কর্মত জটিল হ’ব৷ বন্ধুৰ পৰা সাৱধান হওক৷ দুষ্ট লোকৰ পৰা সাৱধান৷ বিদ্যাত শুভ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷
কুম্ভ : আজি ব্যৱসায়–বাণিজ্যত শুভ৷ গাৰ বিষ হ’ব পাৰে৷ আনৰ ওপৰত বিশ্বাস নকৰিব৷ সমস্যাবোৰ সমাধান হ’ব৷ প্রেমত কষ্ট৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷
মীন : আজি নতুন যোগাযোগত অনুকূল আশা৷ আকস্মিক কোনো সুযোগৰ সম্ভাৱনা আছে৷ বিদ্যাত মধ্যম৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৬৷