নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জীৱনৰ অর্থ

‘জীৱন জীৱন বৰ অনুপম’ – ড০ নির্মলপ্রভা বৰদলৈৰ আত্মজীৱনীত সুন্দৰকৈ বর্ণিত হৈছে জীৱনৰ সুৱদি কথা৷ মহাত্মা গান্ধীৰ My Experiment with Truth শীর্ষক আত্মজৈৱনিক গ্রন্থত জীৱনক কঠিন পৰীক্ষাৰ কষটি শিলত ঘঁহি চোৱা হৈছে৷ ইটালীৰ বিখ্যাত পৰিচালক–ভিনেতা ৰবার্ট বেনিনিৰ অস্কাৰ জয়ী ‘Life is Beautiful’ চলচ্চিত্রত জীৱনৰ জয়গান গোৱা হৈছে৷ এনেদৰে জীৱনৰ অর্থ সন্ধান কৰা হৈছে বিভিন্ন সাংস্কৃতিক মাধ্যমত৷ জীৱনক অতি সুন্দৰ আৰু জটিল যাত্রাৰ লগত তুলনা কৰিব পাৰি৷ প্রতিজন মানুহে কোনোবা নহয় কোনোবা সময়ত নিজকে সোধে– মোৰ জীৱনৰ অর্থ কি? এহ প্রশ্নটোৱে মানৱ ইতিহাসৰ আৰম্ভণিৰ পৰাই মানুহক ভাৰাক্রান্ত কৰি আহিছে৷ দার্শনিক, ধর্মীয় গুৰু, কবি আৰু বিজ্ঞানীসকলে এই প্রশ্নৰ উত্তৰ বিচাৰি আহিছে৷ জীৱনৰ অর্থ কোনো এটা সহজ সূত্রত গ্রথিত নহয়৷ ই ব্যক্তিগত আৰু প্রত্যেকৰ বাবে বেলেগ বেলেগ হ’ব পাৰে৷ কাৰোবাৰ বাবে জীৱনৰ অর্থ পৰিয়াল আৰু সম্পর্কত নিহিত, আন কাৰোবাৰ বাবে ই সফলতা আৰু লক্ষ্যত উপনীত হোৱা, কিছুসংখ্যকৰ বাবে জীৱনৰ অর্থ জ্ঞান আহৰণ, সৃষ্টিৰ কর্ষণ অথবা আধ্যাত্মিকতাত নিহিত৷ প্রাচীন ভাৰতীয় দর্শনত জীৱনক চাৰি পুৰুষার্থৰ মাজেৰে ব্যাখ্যা কৰা হৈছে– ধর্ম, অর্থ, কাম আৰু মোক্ষ৷ ধর্ম মানে নৈতিক জীৱন–যাপন, অর্থ মানে অর্থনৈতিক স্থিতিশীলতা, কাম মানে ইচ্ছা পূৰণ আৰু মোক্ষ মানে মুক্তি৷ আধুনিক বিজ্ঞানীসকলে জীৱনক এটা জৈৱিক প্রক্রিয়া হিচাপে চায়– জন্ম, বিকাশ, প্রজনন আৰু মৃত্যু৷ কিন্তু মানুহৰ মনত থকা এই ‘অর্থ’ৰ প্রশ্ণটোৱে বিজ্ঞানৰ সীমা অতিক্রম কৰে৷ জীৱনৰ অর্থ বিচাৰি ফুৰাৰ সময়ত আমি প্রায়েই ভুল কৰোঁ৷ আমি ভাবোঁ যে কোনো এটা বৃহৎ লক্ষ্য পালেই জীৱন সার্থক হ’ব৷ কিন্তু বাস্তৱ জীৱনৰ সৌন্দর্য সৰু সৰু মুহূর্তবোৰত লুকাই থাকে৷

পুৱাৰ চাহ কাপত, বৰষুণৰ শব্দত, প্রিয়জনৰ হাঁহিত, ভাল কিতাপ পঢ়াত৷ জীৱন মানে প্রতি মুহূর্তকে অনুভৱ কৰা, বর্তমানক উপভোগ কৰা৷ বহুতে ভাবে যে জীৱনৰ অর্থ সুখ৷ কিন্তু সুখ এটা ক্ষণস্থায়ী অনুভূতি৷ সঁচা অর্থ হ’ব পাৰে সেই সুখ–দুখ দুয়োকে গ্রহণ কৰি আগবঢ়া৷ দুখে আমাক শিক্ষা দিয়ে, দুখে আমাক শক্তিশালী হ’বলৈ শিকায়৷ জীৱনে আচলতে আমাৰ পৰা কি বিচাৰে? ঐশ্বর্য, খ্যাতি, সাফল্য নে আন কিবা গভীৰ সত্য? এয়া চিৰন্তন প্রশ্ণ৷ জীৱনে বিচাৰে আগবাঢ়ি যোৱাৰ সাহস৷ জীৱনৰ পথ সদায় কুসুমাকীর্ণ নহয়৷ ব্যর্থতা, দুখ, হতাশাই আগুৰি থকা সত্ত্বেও জীৱন সদায় অগ্রগামী৷ ই কেতিয়াও থমকি নৰয়৷ The show must go on. হাজাৰ অন্তৰায় সত্ত্বেও জীৱন আৱহমান৷ অন্ধকাৰৰ মাজতো পোহৰৰ আশা দেখা মানুহক জীৱনে নতুন পথ দেখুৱায়৷ জীৱনে মানুহক কেৱল জীয়াই থাকিবলৈ নহয়, উপলব্ধি কৰিবলৈও আহ্বান জনায়৷ নিজৰ ভুলৰ পৰা শিক্ষা লোৱা, আনৰ দুখত দুখী হোৱা, পৰিস্থিতি অনুধাৱন আৰু সত্যৰ অনুসন্ধান কৰা– জীৱনৰ অর্থ এয়াই৷ জীৱনে বিচাৰে ভালপোৱা আৰু মানৱীয়তা৷ পৰিয়াল, বন্ধু, সমাজ– এই সম্পর্কসমূহে জীৱনক পূর্ণতা দিয়ে৷ যেতিয়া মানুহে আনৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰে, সহায়ৰ হাত আগবঢ়ায়, তেতিয়া জীৱন অধিক অর্থঘন হৈ উঠে৷ ঘৃণাৰ সলনি ভালপোৱা, স্বার্থৰ সলনি সহমর্মিতাই জীৱনক অধিক অর্থপূর্ণ কৰি তোলে৷ ওৰে জীৱন বাহ্যিক সফলতাৰ পিছত দৌৰি ফুৰা মানুহে নিজৰ অন্তৰখনেই চিনি নাপায়৷ জীৱনে অন্তর্নিহিত শক্তি, স্বপ্ণ আৰু সত্য চিনিবলৈ প্রেৰণা যোগায়৷ জীৱনে বিচাৰে ভাৰসাম্য৷ অত্যধিক লোভ, ঈর্ষা, অহংকাৰ বা অশান্তিয়ে মানুহক ভিতৰৰ পৰা চেপি–খুন্দি দুর্বল কৰি তোলে৷ সৰলতা, সন্তুষ্টি আৰু মানসিক শান্তিৰ মাজত নিহিত হৈ থাকে প্রকৃত সুখ৷ জীৱনে প্রকৃততে আমাৰ পৰা কেৱল এটা কথাই বিচাৰে– সচেতনভাৱে জীয়াই থকা৷ কেৱল দিন অতিবাহিত কৰা নহয়, বৰং প্রতিটো মুহূর্ত অনুভৱ কৰা, শিকা, ভালপোৱা আৰু নিজৰ অস্তিত্বক অর্থৱহ কৰি তোলাই সার্থক জীৱনৰ মূলমন্ত্র৷ জীৱন ক্ষণস্থায়ী যাত্রা, সেয়েহে ইয়াক অর্থপূর্ণ আৰু মানৱীয় কৰি তোলাই একান্ত কাম্য৷

You might also like