নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ এপ্রিল, ব’হাগ মাহৰ ১৪ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই

মেষ : আজি সাংসাৰিক দিশত শান্তি বজাই থাকিব৷ সামাজিক সেৱাই মনত শান্তি দিব৷ সন্তানৰ দিশত চিন্তাবৃদ্ধি৷ শিক্ষার্থীসকলৰ বাবে শুভ৷ প্রেমত বাধা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷

বৃষ : আজি কর্ম ক্ষেত্রত সহকর্মীৰ লগত বিবাদ হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে কিছু মূল্যৱান বস্তু হেৰুৱাব পাৰে৷ যান–বাহন চলাওঁতে সাৱধান৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মিথুন : আজি বন্ধুৰ কথা শুনি বিপদত পৰিব পাৰে৷ ব্যৱসায়ৰ ক্ষেত্রত উন্নতিৰ যোগ৷ কামৰ চাপ বৃদ্ধি হোৱাৰ বাবে মানসিক যন্ত্রণা হ’ব পাৰে৷ প্রেমত আনন্দ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷

কর্কট : আজি ঘৰুৱা ক্ষেত্রত অশান্তি হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধান৷ ব্যৱসায়ত লাভৱানৰ যোগ৷ স্ত্রীৰ বুদ্ধিয়ে আপোনাক লাভৱান কৰিব৷ প্রেমত অশান্তি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

সিংহ : আজি অতিৰিক্ত ব্যয়ে আপোনাক চিন্তাত পেলাব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন সুযোগ আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷

কন্যা : আজি দীর্ঘ প্রতীক্ষাৰ পিছত পদোন্নতিৰ খবৰ আহিব পাৰে৷ ভ্রমণৰ দিশত বাধা৷ গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷

তুলা : আজি বন্ধুৰ কাৰণে প্রচুৰ অর্থ অপচয় হ’ব পাৰে৷ চলা–ফুৰাত সাৱধান৷ সন্তানৰ কাৰণে ব্যৱসায়ৰ আলোচনা হ’ব৷ সামাজিক কামত গ’লে বিপদ হ’ব পাৰে৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷

বৃশ্চিক : আজি অতিৰিক্ত চিন্তাই আপোনাক বিপদত পেলাব পাৰে৷ ৰৈ থকা কাম আৰম্ভ হ’ব৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ উচ্চ শিক্ষাত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২৷

ধনু : আজি আপোনাৰ ভাল ব্যৱহাৰে আপোনাক অশান্তি দিব৷ ব্যৱসায়ত সমস্যাই দেখা দিব৷ সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা বৃদ্ধি৷ প্রেমত সন্দেহ৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৯৷

মকৰ : আজি কর্মক্ষেত্রত সন্মানিত হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে বিদেশ যাত্রা হ’ব পাৰে৷ নতুন গৃহ নির্মাণৰ ক্ষেত্রত বাধা৷ ব্যৱসায়ত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৬৷

কুম্ভ : আজি উচ্চ শিক্ষাৰ বিদ্যাৰ ফলত ভাল যোগ দেখা যায়৷ সন্তানৰ বাবে খৰচ বৃদ্ধি৷ স্ত্রীৰ কাৰণে মনত কষ্ট বাঢ়িব৷ জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷

মীন : আজি নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে৷ ভ্রমণৰ কিছু সুযোগ আহিব পাৰে৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ আপোনাৰ জীৱনত শুভ পৰিৱর্তন আহিব পাৰে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷

You might also like