নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰিয়ানীয়ে হ’ল কাল… একেটা পৰিয়ালৰ চাৰি সদস্যৰ ৰহস্যজনক মৃত্যু

ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল : মুম্বাই চহৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। একে পৰিয়ালৰ চাৰি সদস্যই ডিনাৰৰ পিছত তৰমুজ খোৱাৰ কিছু সময়ৰ ভিতৰতে অসুস্থ হৈ শেষত মৃত্যুবৰণ কৰে। এই ঘটনা মুম্বাই চহৰৰ পায়ধুনি এলেকাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

মৃতসকল হৈছে আব্দুল্লা দোখাডিয়া, তেওঁৰ পত্নী নাছৰিন দোখাডিয়া আৰু তেওঁলোকৰ দুই কন্যা আয়েশা আৰু জয়নাব। প্ৰাথমিক তথ্য অনুসৰি, ২৫ এপ্ৰিলৰ নিশা আব্দুল্লাই তেওঁলোকৰ কিছু আত্মীয়ক নিশাৰ আহাৰৰ বাবে ঘৰলৈ আমন্ত্ৰণ জনাইছিল। নিশাৰ আহাৰত আছিল বিৰিয়ানী। সকলোৱে একেলগে বিৰিয়ানী খোৱাৰ পিছত আত্মীয়সকল ঘৰলৈ উভতি যায়।

তাৰ পিছত গভীৰ নিশা প্ৰায় ১ বজাত আব্দুল্লাই পৰিয়ালৰ আন সদস্যৰ সৈতে তৰমুজ খায়। তাৰ কিছু সময়ৰ পিছতে পৰিয়ালৰ চাৰিওজনৰে শাৰীৰিক অৱস্থা হঠাৎ বেয়া হৈ পৰে।  ২৬ এপ্ৰিলৰ পুৱা ৫ মান বজাত অৱস্থা অধিক জটিল হৈ পৰাত তৎক্ষণাত তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত জে জে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও কিন্তু চিকিৎসাধীন অৱস্থাতে চাৰিওজনৰ মৃত্যু হয়।

পুলিচ সূত্ৰে জনোৱা মতে, এই ঘটনাৰ পিছত জে জে মাৰ্গ থানাত এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাথমিকভাৱে সমগ্ৰ ঘটনা খাদ্যৰ বিষক্রিয়া বুলিয়ে সন্দেহ কৰা হৈছে যদিও আন সম্ভাৱনাও নাকচ কৰা হোৱা নাই।

ইতিমধ্যে খাদ্যৰ নমুনা সংগ্ৰহ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ফৰেনছিক আৰু মৰণোত্তৰ প্ৰতিবেদন পোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।

You might also like