নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ কুগ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷ প্রতিকাৰ–পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢ়ালি লক্ষ্মী–নাৰায়ণক স্মৰক কৰিব৷
বৃষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব৷ হাতৰ পৰা বস্তু হেৰাব পাৰে৷ প্রতিকাৰ–ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷
মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৬৷ এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ ভুলে ক্ষতি কৰিব৷ আনক উপদেশ দি নিজে সমস্যাত পৰিব৷ শিক্ষার্থীৰ শাৰীৰিক ক্ষতি ৷ প্রতিকাৰ– ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুৱাওক৷
কর্কটঃ শুভ ৰং ৰঙা, সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ আর্থিক অনাটন দূৰ হ’ব৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ প্রতিকাৰ– শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ–পার্বতীক আৰাধনা কৰিব৷
সিংহঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ যান–বাহন দুর্ঘটনাত পতিত হ’ব পাৰে৷ শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ–এটা পাত্রত পানী লৈ সূর্যলৈ চাই জল অর্পণ কৰিব৷
কন্যাঃ শুভ ৰং নীলা, সংখ্যা ৫৷ কর্মস্থান পৰিৱর্তন হ’ব পাৰে৷ পাৰিবাৰিক কন্দল হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– অগৰু–চন্দন মিহলাই গোটেই ঘৰত ছটিয়াব৷
তুলাঃ শুভ ৰং বগা, সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ যুটীয়া ব্যৱসায়ত হাত নিদিব৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– দোৰোণ ফুল পাঁচটা পানীৰে পূর্ণ পাত্র লৈ সূর্যলৈ চাই অর্র্পণ কৰিব৷
বৃশ্চিকঃ শুভ ৰং হালধীয়া, সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব৷ আনে লোৱা টকা ঘূৰাই পাব৷ প্রতিকাৰ–তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷
ধনুঃ শুভ ৰং গেৰুৱা, সংখ্যা ৭৷ ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ মূৰত আঘাত পাব পাৰে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ– হনুমান মন্দিৰত ফল–মূল দি হনুমান চালিচা পাঠ কৰিব৷
মকৰঃ শুভ ৰং নীলা, সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্থ হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷ প্রতিকাৰ–লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব৷
কুম্ভঃ শুভ ৰং হালধীয়া, সংখ্যা ৪৷ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাই যাওঁতে সূর্যক প্রণাম কৰি ওলাব৷ লগত এটা বেলপাত ৰাখিব৷
মীনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা৬৷ হাতলৈ টকা আহিব কিন্তু জমা ৰাখিব নোৱাৰে৷ মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে৷ কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷ প্রতিকাৰ– ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্রূষা কৰিব৷ পাৰিলে এটা মিঠা ফল খুৱাব৷

You might also like