নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ পৰা নিয়ন্ত্রিত হয় আই পি এলৰ জুৱাঃ দেশজুৰি চি বি আইৰ তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৫ মেঃ পাকিস্তানৰ পৰা পঠিওৱা তথ্যৰ ভিত্তিত ২০১৯ চনত আই পি এলত বেটিং কৰা হৈছিল৷ এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পিছতে এইবাৰ কেলেংকাৰিৰ তদন্তৰ ভাৰ গ্রহণ কৰিছে চি বি আয়ে৷ দিল্লী, যোধপুৰ, জয়পুৰ আৰু হায়দৰাবাদৰ বহু ব্যক্তিৰ ওপৰত সন্দেহ প্রকাশ কৰিছে সংস্থাটোৱে৷ এই সন্দর্ভত সংস্থাটোৱে আজি তিনিজন ব্যক্তিক গ্রেপ্তাৰ কৰিছে৷ বেটিং চক্রৰ সৈতে জড়িত এই তিনিজন বুকীৰ ভিতৰত দুজন হায়দৰাবাদৰ আৰু এজন দিল্লীৰ৷ তেওঁলোকে সন্দেহ কৰা অনুসৰি তেওঁলোকে ২০১৯ চনৰ আই পি এলৰ একাধিক মেচ ফিক্সিং কৰিছিল৷ কালি চি বি আয়ে এই সন্দর্ভত দুটা গোচৰ ৰুজু কৰিছে৷ ইয়াৰ ভিতৰত আছে অপৰাধমূলক ষড়যন্ত্র, প্রতাৰণা, ভাৰতীয় দণ্ডবিধি জালিয়াতি আৰু দুর্নীতি প্রতিৰোধ আইন৷ চি বি আইৰ তৰফৰ পৰা কোৱা হৈছে ‘বিশ্বস্ত সূত্রে জনা গৈছে যে যথেষ্টসংখ্যক লোক লগ হৈ এটি জুৱা চক্র চলাই আহিছে৷ আই পি এল সংক্রান্তীয় এই জুৱাত পাকিস্তানৰ পৰা লেনদেনৰ কিছু তথ্য পোৱা গৈছে৷ এই জুৱাত সাধাৰণ মানুহকো জড়িত কৰিব বিচাৰিছিল তেওঁলোকে৷’ ভুল তথ্যৰে বেংক একাউণ্ট খোলা হৈছিল বুলি জানিব পাৰিছে চি বি আয়ে৷ সেই জুৱাত হাৱালাৰ জৰিয়তেও টকাৰ লেনদেন হৈছে৷ পাকিস্তানৰ ৱাকাছ মালিক নামৰ এজন ব্যক্তি এই জুৱাৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা চি বি আয়ে তেওঁৰ ফোন নম্বৰো পাইছে৷ সংস্থাটোৰ এফ আই আৰত দিলীপ কুমাৰ, গুৰাম সতীশ আৰু গুৰাম বাসুৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ এই কেলেংকাৰিত দহ কোটিৰ লেনদেন হোৱা বুলি ধাৰণা কৰিছে চি বি আয়ে৷ উল্লেখ্য যে আই পি এলৰ জুৱা কোনো নতুন ঘটনা নহয়৷ ২০১৩ চনত স্পট ফিক্সিঙত জড়িত থকাৰ অভিযোগত নির্বাসিত হৈছিল ৰাজস্থানৰ তিনি ক্রিকেটাৰ শ্রীশান্ত, অংকিত চাণ্ডিল্য আৰু অংকিত চৌহান৷

You might also like