সম্পাদকীয় : ভোট উৎসৱ
আমি ভাৰতীয়সকলে উৎসৱ–পার্বণ বিশাল স্তৰত আয়োজন কৰি ভাল পাওঁ৷ উৎসৱ আমি প্রাণেপণে উদযাপন কৰোঁ৷ আর্থিকে হওক, সামাজিকে হওক সকলো সমস্যাই পীড়িত কৰা আমি ভাৰতীয়সকলে সেই সমস্যাসমূহ পাহৰি থাকিবলৈকে উৎসৱত বিলীন হওঁ৷
প্রকৃত ভাৰতীয়সকলৰ দৰে আমি অসমীয়াসকলেও উৎসৱত মতলীয়া হৈ পৰোঁ৷ সেয়া লাগিলে বিহুৱেই হওক, ফাকুৱাই হওক অথবা দীপাৱলীয়েই নহওক কিয়? উৎসৱসমূহ আমাৰ মজ্জাই মজ্জাই সোমাই আছে৷ ১২টা মাহত ১৩টা উৎসৱত মত্ত হোৱা বুলি আমাৰ অসমীয়াৰ এটা বদনামো আছে৷
এইবোৰ হ’ল বছৰে বছৰে অহা একোটা উৎসৱৰ কথা৷ কিন্তু ভোট উৎসৱ? বিগত প্রায় ডেৰ দশকত দেখা গৈছে যে অসমত বিধানসভাই হওক নতুবা লোকসভা নির্বাচনেই হওক সেয়া এক উৎসৱত পৰিণত হৈছে৷ পাঁচ বছৰৰ মূৰে মূৰে অহা এই ভোট উৎসৱত অসমৰ প্রায় সকলো স্তৰৰ জনগণ বিলীন হৈ পৰিছে৷
সাধাৰণতে ১৮ বছৰৰ ওপৰৰ চামটোহে এই ভোট উৎসৱত অংশগ্রহণ কৰে যদিও এতিয়া দেখা গৈছে অসমৰ নির্বাচনৰ ভোট উৎসৱৰ খবৰ আৰু পৰিসংখ্যা ১২–১৫ বছৰীয়া কিশোৰ–কিশোৰীৰো হাতে হাতে৷ আন উৎসৱসমূহ দুদিনৰ পৰা দিনচেৰেকলৈ থাকে যদিও এই ভোট উৎসৱে অসমীয়াক আচ্ছন্ন কৰি ৰাখে প্রায় মাহ–কাল৷
ভোটৰ তাৰিখ ঘোষণা হোৱাৰ মাহ আগৰ পৰাই আৰম্ভ হোৱা ভোট উৎসৱ চলি থাকে ফলাফল ঘোষণা হোৱাৰ সময়লৈকে৷ পাৰ হৈ যোৱা নির্বাচনসমূহত শাসক আৰু বিৰোধী দলৰ ব্যাপক প্রচাৰত হিলদ’ল ভাঙি অংশ লোৱা ৰাইজৰ উপস্থিতিয়েই প্রমাণ কৰে ভোট উৎসৱৰ ব্যাপকতা৷ জাকজমকতাপূর্ণ ৰং–বিৰঙী প্রচাৰ, দল–প্রার্থীকেন্দ্রিক নির্বাচনী গীত, ভোটাৰক আকর্ষণ কৰিবলৈ নেতাসকলে দিয়া উদাত্ত ভাষণ ইত্যাদিয়ে অসমত ভোটযুদ্ধক পৰিণত কৰিছে পাঁচ বছৰীয়া এক ভোট উৎসৱলৈ৷
ডেকা–গাভৰুৰ পৰা অশীতিপৰ বৃদ্ধ–বৃদ্ধালৈ এই ভোট উৎসৱৰ বতাহৰ বাত আচ্ছন্ন হৈ পৰে৷ ভোটাৰক আকর্ষণ কৰাৰ গতানুগতিক নির্বাচনী প্রচাৰ আৰু নেতাৰ ৰাজনৈতিক ভাষণ যে এক মনোগ্রাহী আকর্ষণীয় ইভেণ্ট হ’ব পাৰে আৰু নির্বাচনক যে এক উৎসৱৰ দৰে উদযাপন কৰিব পাৰে সেই ধাৰণাৰ প্রথম আমদানি কৰিছিল বিজেপি দলে৷
২০১৪ৰ লোকসভা নির্বাচনত মোদী মেনিয়া দেশৰ সর্বস্তৰত বিয়পাই দি বিজেপিয়ে নির্বাচনী প্রচাৰক সাধাৰণ জনতাৰ অংশগ্রহণেৰে এক উৎসৱৰ পর্যায়লৈ লৈ গৈছিল৷ পৰৱর্তী সময়ত অসমত এই প্রচাৰ–ভোট উৎসৱক অন্য এক মাত্রালৈ লৈ গৈছে ড০ হিমন্ত বিশ্ব শর্মাই৷
সর্বস্তৰৰ জনগণক আকর্ষণ কৰিব পৰা দলীয় গীত ৰচনা কৰাৰ পৰিকল্পনা কৰাৰ পৰা আৰম্ভ কৰি নির্বাচনী প্রচাৰৰ শোভাযাত্রাক এটা সাংস্কৃতিক শোভাযাত্রালৈকে ৰূপান্তৰ কৰাৰ সাহসিক আৰু নব্য ৰূপ দিয়াৰ পৰিকল্পনা আছিল ড০ হিমন্ত বিশ্ব শর্মাৰ ব্রেইন চাইল্ড৷ সাধাৰণ শ্লোগান আৰু যথাৰীতি ভাষণৰ পৰিৱর্তে এটা নির্বাচনী শোভাযাত্রাক নাচ–গানেৰে ভোটাৰৰ কাষত আকর্ষণীয় ৰূপত যে উপস্থাপন কৰিব পাৰি সেই কথা হাতে–কামে লাগি ড০ শর্মাই প্রমাণ কৰি দিছিল৷
দলীয় গীতৰ তালে তালে নির্বাচনী শোভাযাত্রা অথবা নির্বাচনী প্রচাৰ সভাত নাচ–গান গাই ড০ শর্মাই যি অভিনৱ প্রচাৰ চলাইছিল, সেই প্রচাৰে লাখ লাখ ভোটাৰক সহজে আকর্ষিত কৰিবলৈ সক্ষম হৈছিল৷ স্বাভাৱিকতে এই অভিনৱ প্রচাৰ অভিযানে নির্বাচনী প্রচাৰক এক অনন্য মাত্রালৈ তুলি লৈ গৈছিল আৰু নির্বাচনক এক ভোট উৎসৱত পৰিণত কৰিছিল, যি উৎসৱ এতিয়া নির্বাচনী পৰম্পৰা হৈ পৰিছে৷
যোৱা দুটামান নির্বাচনত সেই পৰম্পৰা এইবাৰো যে অক্ষুণ্ণ থাকিব অথবা ভোট উৎসৱ উদ্যাপনৰ স্কেল এইবাৰ আৰু বেছি ব্যাপক হ’ব সেই আভাস আজিয়ে পোৱা গৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মনোনয়ন দাখিলৰ বাবে উলিওৱা বিশাল শোভাযাত্রাৰ উছাহে সেই আভাস দিছে৷ গুৱাহাটীৰ হৃদয় ৰেখাস্বৰূপ জি এছ ৰোডত উলিওৱা এই শোভাযাত্রাত হাজাৰ হাজাৰ লোক আৰু অনুৰাগীৰ স্বতঃস্ফূর্ত অংশগ্রহণ আৰু আনন্দ–স্ফূর্তিয়ে নিশ্চিতি দিছে যে অসমত ভোট উৎসৱ আৰম্ভ হৈ গ’ল, যি উৎসৱ এটা পষেকতকৈও অধিক সময় অসম আৰু অসমবাসীক আচ্ছন্ন কৰি ৰাখিব৷