নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ এপ্রিল, চ’ত মাহৰ ২৬ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই

মেষ : আজি কোনো কাৰণত কিবা ভাবৰ ডদয় হ’ব পাৰে৷ শৰীৰ বৰ ডন্নত নাযাব৷ বিদ্যাত অৱশ্যেবাধা কম৷ প্রেমত শুভ৷ শুভ ৰং– কমলা৷ শুভ সংখ্যা– ৭

বৃষ : আজি শৰীৰৰ দুর্বলতা থাকিব৷ ভাহ–ভনীৰ পৰা সহায়–সহযোগ লাভ কৰিব৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ প্রেমত সন্দেহ৷ শুভ ৰং– ৰঙা৷ শুভ সংখ্যা– ৯

মিথুন : আজি মনোবলবৃদ্ধি পাব৷ ভ্রমণত বেছি বাধা নাপাব৷ হাতলৈ ধন অহাৰ সুযোগ পাব৷ শৰীৰ মধ্যম৷ দাম্পত্যত শুভ৷ প্রেমত সুখ৷ শুভ ৰং – হালধীয়া৷ শুভ সংখ্যা – ৮

কর্কট : আজি সাধাৰণ ধন ডপার্জনৰ যোগ৷ কোনো কাৰণে লেথা ছিগা টান হ’ব৷ গুৰুৰ সহযোগত কিছু মানসিক দিশত ডপকৃত হ’ব৷ বিদ্যাত শুভ৷ শুভ ৰং – মেৰুণ৷ শুভ সংখ্যা – ৬

সিংহ : আজি আর্থিক ডপায়ৰ কথা কোনোৰ মনত বাৰে বাৰে চাপ দিব৷ সন্তানৰ ভৱিষ্যতক লৈ চিন্তা থাকিব৷ বিদ্যাত মনোযোগৰ দৰকাৰ৷ শুভ ৰং– ক’লা৷ শুভ সংখ্যা– ৪

কন্যা : আজি কর্মক্ষেত্রত মন দিয়ক৷ আর্থিকত বাধা থাকিব৷ দাম্পত্যত মধ্যম৷ দুষ্ট লোকৰ পৰা আর্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক৷ শুভ ৰং– নীলা৷ শুভ সংখ্যা– ৩

তুলা : আজি নিজৰ ধৈর্য আৰু বুদ্ধিৰ বলত ডপকৃত হ’ব৷ শৰীৰ ভালেৰে গ’লেও অৱজ্ঞা কৰিব নোৱাৰিব৷ কর্মক্ষেত্রত জটিলতা কম পাব৷ বিদ্যাত বাধা৷ প্রেমত আনন্দ৷ শুভ ৰং– সেডজীয়া৷ শুভ সংখ্যা– ৮

বৃশ্চিক : আজি টকা–পইচা লেন–দেনত যাতে ভ্রম নহয়৷ শৰীৰ ভালে নাযাব৷ তথাপিও সৎ কামত প্রেৰণা পাব৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং–বগা৷ শুভ সংখ্যা– ৯

ধনু : আজি ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলি–মেলি থাকিব৷ কোনো কামত নিষ্ঠাৰ প্রমাণ লাভ কৰিব৷ বিদ্যাত সুযোগ নিজে ল’ব লাগিব৷ ভ্রমণত মধ্যম ফল৷ প্রেমত শুভ৷ শুভ ৰং– ক্রীম৷ শুভ সংখ্যা– ৭

মকৰ : আজি মাতৃ তথা চুবুৰীয়াৰ লগত মতবিৰোধ হ’ব পাৰে৷ দাম্পত্যত মধ্যম৷বন্বুূৰ সহযোগ৷ব্যৱসায়ত বাধা৷ প্রেমত সন্দেহ৷ শুভ ৰং–সোণালী৷ শুভ সংখ্যা–৮

কুম্ভ : আজি কোনো চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰক৷ ভ্রমণত মধ্যম৷ আর্থিক ক্ষতিৰ সম্ভাৱনা৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত মধ্যম৷ শুভ ৰং–বেঙুনীয়া৷ শুভ সংখ্যা– ১

মীন : আজি কর্মস্থানত বাধা কম৷ পিতৃ–মাতৃৰ বাবে দুশ্চিন্তা৷ বিদ্যাত নতুন সুযোগ–সুবিধা লাভ কৰিব৷ নিবনুৱাসকলৰ কর্মপ্রাপ্তিৰ যোগ৷ শুভ ৰং–গুলপীয়া৷ শুভ সংখ্যা–২

You might also like