নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ফলাফলত প্ৰথম চাৰি স্থানত চাৰিগৰাকী মেধাৱী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এইবাৰ ফলাফলত প্ৰথম চাৰি স্থানত চাৰিগৰাকী মেধাৱী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এইবাৰ পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছে জ্যোতিৰ্ময় দাসে। তেওঁ শংকৰদেৱ শিশু নিকেতন পাটাছাৰকুছিৰ ছাত্ৰ।

দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞাই। তেওঁ অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, বিশ্বনাথৰ ছাত্ৰী।

তৃতীয় স্থান অধিকাৰ কৰিছে জিয়া ফাৰা ইছলামে। তেওঁ লিটিল ফ্লাৱাৰ স্কুল ডিব্ৰুগড়ৰ ছাত্ৰী।

আনহাতে, চতুৰ্থ স্থান লাভ কৰিছে সুৰজিত আখতাৰে, তেওঁ লিটিল ফ্লাৱাৰ স্কুল, নলবাৰীৰ ছাত্ৰ।

উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬৫.৬২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি—

  • প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৫,১৮৯গৰাকী পৰীক্ষাৰ্থী
  • দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,১৬৭গৰাকী পৰীক্ষাৰ্থী
  • তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৬,৩৪৫গৰাকী পৰীক্ষাৰ্থী

ফলাফল প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যজুৰি আনন্দৰ পৰিবেশ দেখা গৈছে আৰু সফল পৰীক্ষাৰ্থীসকলৰ মাজত উৎসাহ-উদ্দীপনা লক্ষ্য কৰা গৈছে।

ডিজিটেল ডেস্ক, ১০ এপ্ৰিল

You might also like