নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডলৈ যাব ৰাহুল দ্রাবিড়, ঘৰৰ মেচৰ ভাৰতৰ কোচ লক্ষ্মণ

বিশেষ বাৰ্তা, ১৯ মেঃ ভাৰতীয় দলৰ কোচ হ’ব পাৰে ভিভিএছ লক্ষ্মণ। তেওঁক দক্ষিণ আফ্রিকাৰ বিপক্ষে টি ২০ ছিৰিজ আৰু আয়াৰলেণ্ডৰ বিপক্ষে মেচৰ ছিৰিজৰ বাবে কোচ কৰা হ’ব পাৰে। তেনে এক সম্ভাৱনা তৈয়াৰ হৈছে। বোর্ডৰ এক সূত্রই জনাইছে, ভাৰত আৰু দক্ষিণ আফ্রিকাৰ সমান্তৰালকৈ ইংলেণ্ড ভ্ৰমণৰ বাবে দুটা ভিন্ন দল নির্বাচন কৰিব পাৰে। য’ত ৰাহুল দ্রাবিড়ে টেষ্ট দলৰ সৈতে ইংলেণ্ডলৈ যাব পাৰে। লক্ষ্মণ এতিয়া ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিৰ অধ্যক্ষ পদত আছে। তেওঁক বৃহৎ দায়িত্বত অনাৰ কথা ভাবিছে বোর্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। লক্ষ্মণক ভাৰত বনাম দক্ষিণ আফ্রিকাৰ টি-২০ ছিৰিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ কোচ হিচাপে দায়িত্ব ল’বলৈ ক’ব।

You might also like