নিয়মীয়া বাৰ্তা, বনগাঁও, ২৩ ছেপ্টেম্বৰ : মাজুলী জিলাৰ ঢেকীয়াজুলি গাঁৱত কালি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। গাঁওখনত এগৰাকী মাতৃ আৰু পুত্ৰৰ একেলগে মৃত্যু হয়। ঢেকীয়াজুলি গাঁৱৰ বয়োজ্যেষ্ঠ মহিলা তথা গাঁওখনৰ আগশাৰীৰ মহিলা নেত্ৰী মলাদৈ দাস হাজৰিকা আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ ধৰ্মেশ্বৰ দাসৰ কালি পুৱা পোন্ধৰ মিনিটৰ ব্যৱধানত মৃত্যু হয়।
ঢেকীয়াজুলি গাঁৱৰ বয়োজ্যেষ্ঠ মহিলা মলাদৈ দাস হাজৰিকা যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ আছিল। মলাদৈ দাস হাজৰিকাৰ পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল। জ্যেষ্ঠ পুত্ৰ ধৰ্মেশ্বৰ দাসৰ পৰিয়ালটো মাতৃৰ ঘৰৰ সন্মুখতে ঘৰ বনাই বসবাস কৰিছিল। মাতৃ মলাদৈ হাজৰিকা মাজু পুত্ৰ মুকুল হাজৰিকাৰ লগত থাকে । ২১ ছেপ্টেম্বৰৰ পৰা মলাদৈ দাস হাজৰিকাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। তেতিয়া জ্যেষ্ঠ পুত্ৰ ধৰ্মেশ্বৰ দাসে মাতৃৰ কাষত মৰমৰ হাত বুলাই মাতৃৰ লগত কথা পাতি আছিল আৰু মাতৃৰ শেষ কিবা ইচ্ছা আছেনে কি সুধিছিল। তেতিয়া মাতৃ মলাদৈ দাস হাজৰিকাই কৈছিল- “মই মৰিলে তোকো লৈ যাম”। এইদৰে কৈ জ্যেষ্ঠ পুত্ৰৰ লগত ধেমালি কৰিছিল। ইয়াৰ আগতেও মাতৃ মলাদৈ দাস হাজৰিকাই প্ৰায়েই জ্যেষ্ঠ পুত্ৰ ধৰ্মেশ্বৰক কয়- “মই মৰিলে তোকো লৈ যাব লাগিব।”
পাঁচজন পুত্ৰৰ মাতৃ মলাদৈ দাস হাজৰিকাৰ ২১ ছেপ্টেম্বৰৰ পৰা স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰে আৰু কালি পুৱা ৬.১৫ বজাত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হয়। মাতৃ মলাদৈ দাস হাজৰিকাৰ মৃত্যু হোৱা বুলি জ্যেষ্ঠ পুত্ৰ ধৰ্মেশ্বৰ দাসে শুনিয়েই অচেতন হৈ পৰে। মাতৃৰ ঘৰৰ সন্মুখৰ ঘৰত শুই থাকোঁতেই জ্যেষ্ঠ পুত্ৰ ধৰ্মেশ্বৰ দাস হৃদৰোগত আক্ৰান্ত হয়। তেতিয়া গাঁৱৰ ৰাইজে ধৰ্মেশ্বৰক ততাতৈয়াকৈ মাজুলীৰ জিলা চিকিৎসালয়লৈ লৈ যায়। কিন্তু জিলা চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। মাতৃ মলাদৈ দাস হাজৰিকাৰ মৃত্যুৰ খবৰটো ধৰ্মেশ্বৰ দাসে সন্মুখৰ ঘৰত শুই থকা অৱস্থাতে পাই হৃদৰোগত আক্ৰান্ত হৈ অচেতন হৈ মৃত্যুমুখত পৰে।
ঢেকীয়াজুলিৰ আগশাৰীৰ মহিলা মলাদৈ দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯২ বছৰ। মৃত্যুৰ সময়ত তেওঁ পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি যায়। আনহাতে, পুত্ৰ ধৰ্মেশ্বৰ দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৫ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, তিনিগৰাকী কন্যা, বোৱাৰী, তিনিজন জোঁৱাইসহ নাতি-নাতিনীক ইহসংসাৰত এৰি গৈছে।
পিছত মাতৃ আৰু পুত্ৰৰ মৃতদেহ গাঁৱৰ ৰাইজে একেলগে কঢ়িয়াই নি খেৰকটীয়া নৈৰ পাৰত সৎকাৰ কৰে। মাতৃ আৰু পুত্ৰৰ দুখন চিতা ওচৰা-উচৰিকৈ সাজি গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে চকুলো টুকি টুকি একেলগে সৎকাৰ কৰে।
ঢেকীয়াজুলি গাঁৱত কালি পুৱাই মাতৃ আৰু পুত্ৰৰ একেলগে মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।