নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰদিনৰ বাবে চিৰনিদ্ৰাত হাৰ্টথ্ৰব জুবিনদা

এক সত্তা, এক আৱেগ, এক অনামী শিহৰণ৷ নবৈবৰ দশকৰ সেই চুলি দীঘল এটা লৰা৷ যিয়ে অনামিকা এলবামেৰে অসমৰ সংগীত জগতত যি খলকনি তুলিলে তাক আৰু আজি দোহৰাৰ প্রয়োজন নাহ৷ বেক টু বেক হিট এলবামেৰে অসমৰ সংগীত জগতত হৈ পৰিল ভোটাতৰা৷ কিন্তু তেওঁ আৰু আজি আমাৰ মাজত নাই বিশ্বাসৰ অগোচৰ৷

ধুমুহাৰ সতে খেলা কৰি ভাল পোৱা মানুহজন আজি সাগৰৰ মাজত হেৰাই গল চিৰদিনৰ বাবে৷ মৃত্যুও যাৰ বাবে আছিল এক দুর্লংঘ্য পর্বত, সেই মৃত্যুকো আজি আঁকোৱালি ললে জুবিন গার্গ নামৰ এই বিশাল সত্তাটোৱে৷ এয়া কিন্তু কোনেও কাহানিও কল্পনা কৰিব নোৱাৰা এক বাতৰি৷

সাগৰখনে কিয়নো তেওঁক হাতবাউলি মাতিছিল, বিশালতা বিচাৰি তেওঁ কিয় গৈছিল৷ নোযোৱাহেঁতেন৷ আচলতে মনটো তেওঁৰ বিশাল আছিল, হূদয়ৰ পৰিসৰ বিশাল আছিল আৰু সেই বিশালতাই তেওঁক আৱৰি ধৰিলে৷ জুবিনদা যাব নোৱাৰে৷ কত ধুমুহাৰ সতে নাচি নাচি জীৱন জিনা মানুহজনে সাগৰত কেনেকৈ মিলি যাব৷ নাই নিলিখো আমি প্রয়াত, নলগাওঁ চন্দ্রবিন্দু, জুবিনদা সদায় জীয়াই থাকিব আমাৰ মনত, আমাৰ হূদয়ত৷ তেওঁৰ গীতৰ লহৰত আমিবোৰ প্রাণৱন্ত হৈ জীয়াম৷ তোমাক সহস্র প্রণাম৷

হয়, তেওঁ সঁচাকৈ গলগৈ ধৰাৰ মায়া এৰি৷ ধুমুহাৰ সতে যুঁজিবলৈ তেওঁ আৰু অসমৰ মঞ্চ কঁপাবলৈ নাহে৷ সুৰীয়া গানেৰে সেউজী অসমলৈ তেওঁ আৰু আমাৰ মাজলৈ নাহে৷ এন্ধাৰ হব নোৱাৰা আমাৰ সম্পদটি আৰু পোহৰৰ চাকি গছি জ্বলাবলৈ আমাৰ মাজলৈ নাহে৷ সোণৰ অসমৰ গঢ়িবলৈ সপোন দেখুওৱা মানুহজন আজি আমাৰ মাজত নাই৷ পাখি মেলি চিৰদিনলৈ চিৰকাললৈ অসম–অসমীয়াক কন্দুৱাই আমাৰ মাজৰ পৰা নোহোৱা হৈ গল হার্টথ্রব৷

কিন্তু তেওঁক আমি বিদায় দিব নোৱাৰোঁ৷ নোৱাৰোঁ তেওঁ নোহোৱা হোৱা বুলি৷ ব্রহ্মপুত্র যিদিনালৈ হৈ থাকিব, অসমীয়া জাতি যিদিনালৈ জীয়াই থাকিব, চিৰকাল–চিৰদিন তোমাক আমি জীয়াই ৰাখিম৷
পিছে সেই চিঞৰ, সেই আৱেগ ধবনিটো আৰুতো আমি শুনিবলৈ নাপাম জয় জুবিনদা৷

জুবিনদা গ’লগৈ…! চিৰদিনৰ বাবে চিৰনিদ্ৰাত হাৰ্টথ্ৰব

বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰি পঞ্চভূত অসমীয়াৰ হিয়াৰ আমঠুগৰাকী।

গানেৰে জগত জিনি সোণাপুৰৰ কমাৰকুছিত অন্তিম শয়ন জুবিন গাৰ্গৰ।

নাভাগৰা জুবিন আজি অন্তিম শয়ন জুবিন।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, অসম চৰকাৰৰ মন্ত্ৰীকে ধৰি ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে শেষশ্ৰদ্ধা জনালে জুবিন গাৰ্গক। শেষশ্ৰদ্ধা জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

অন্তিম বিদায় জনালে শিল্পী জেপি দাস, অংগৰাগ পাপন মহন্ত, বিপিন চাউদাং, যতীন বৰাই।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ ছেপ্টেম্বৰ

You might also like