পাকিস্তান এতিয়াৰে পৰা ভাৰতৰ কোনো প্রতিদ্বন্দ্বী দল নহয়
🔹 টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱৰ বিস্ফোৰণ
নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা এছিয়া কাপৰ একেৰাহে দুটা দেওবাৰত চিৰ প্রতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি মৌন হৈ থাকিব নোৱাৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱ৷ পাকিস্তানৰ পৰাজয়ৰ পিছত এক বিস্ফোৰক মন্তব্য কৰিছে ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে৷
দেওবাৰে ছুপাৰ ফ’ৰৰ মেচখনত পাকিস্তানক বিধ্বস্ত কৰি সূর্যকুমাৰ যাদৱে কয় যে এতিয়া আৰু ভাৰত–পাকিস্তানৰ মেচ যুদ্ধৰ দৰে নহয়৷ ২২ গজৰ দূৰৈৰ ৱাঘাহৰ দুয়োকাষে দুয়োখন দেশৰ মাজত চলি থকা ৭৮ বছৰীয়া সংঘাতক আৰু বিশেষ মর্যাদা দিবলৈ ইচ্ছুক নহয় সূর্যকুমাৰ৷ বৰঞ্চ এসময়ৰ বিশ্বযুদ্ধৰ দৰে মেচখনক তেওঁ এতিয়া সাধাৰণ মেচ বুলিহে ভাবে৷ কেৱল সেয়াই নহয়, ভাৰতীয় অধিনায়কগৰাকীয়ে পাকিস্তানক প্রতিদ্বন্দ্বী হিচাপে বিশেষ মর্যাদাও দিব বিচৰা নাই৷ পৰহি নিশা পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰাৰ পাছত সূর্যকুমাৰে কোৱা কথাত চুবুৰীয়া দেশখনৰ জনসাধাৰণ আৰু অধিক বিচলিত হ’ব বুলি ক’লে অতিৰঞ্জিত নহ’ব৷ ভাৰত–পাকিস্তানৰ প্রতিদ্বন্দ্বিতা সন্দর্ভত সোধা এক প্রশ্ণোত্তৰত সূর্যকুমাৰ যাদৱে কয় যে অনুগ্রহ কৰি এই ‘প্রতিদ্বন্দ্বিতা’ শব্দটো আৰু ব্যৱহাৰ নকৰিব৷ কোনো এটা দলৰ সময় হয়তো ভাল নহয়৷ কিন্তু আমাৰ মতে যদি দুটা দলে ১৫–২০খন মেচৰ মুখামুখি হয় আৰু ফলাফল ৭–৭ বা ৮–৭ হয়, তেন্তে তাক প্রতিদ্বন্দ্বিতা বুলি ক’ব পাৰি৷ ১৩–০, ১০–১ মই সঠিকভাৱে নাজানো পার্থক্য কি৷ কিন্তু এতিয়া ভাৰত আৰু পাকিস্তানৰ মেচ যুঁজ হিচাপে ধৰা নাযায়৷ বিগত ১৫ বছৰত ভাৰতে সঁচাকৈয়ে ক্রিকেটত পাকিস্তানক বিধ্বস্ত কৰিছে৷ ৩১খন খেলৰ ভিতৰত ২৩খনতে ভাৰতে জয়ৰ মুখ দেখিছে৷ দেওবাৰৰ মেচখনক তেওঁ আৰু এখন মেচ বুলিহে অভিহিত কৰি সূর্যকুমাৰ যাদৱে লগতে কয় যে পাকিস্তান এই মুহূর্তত ভাৰতৰ সন্মুখত কোনো দল নহয়৷
ইপিনে, মেচখনত ভাৰতীয় ফিল্ডাৰে কেইবাটাও কেছ ধৰাত ব্যর্থ হোৱা সন্দর্ভত অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে এই সন্দর্ভত আমাৰ ফিল্ডিং প্রশিক্ষক টি দিলীপে বিষয়টো চাই আছে৷ যিসকলে কেছ ড্রপ কৰিছিল তেওঁলোকে নিশ্চয় ই–মেইল পাইছে৷ ইয়াৰ বাবে মই সতীর্থসকলক দোষাৰোপ কৰিব বিচৰা নাই৷ দলীয় মেনেজমেণ্টো ইয়াক লৈ বিশেষ চিন্তিত নহয়৷ ইপিনে, বুমৰাহে উইকেট নোপোৱা সন্দর্ভত সূর্যকুমাৰে কয় যে বুমৰাহ ৰবট নহয়৷ তেওঁৰ বেয়া দিন থাকিব পাৰে৷ আনহাতে, শিৱম ডুবেক প্রশংসা কৰি কয় যে তেওঁ সঠিক সময়ত দলটোক সহায় কৰিছিল৷