ডিজিটেল ডেস্ক, চামগুৰি, ২৫ এপ্ৰিল : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ১০ বছৰীয়া কণমানি ছোৱালীয়ে। ৰাস্তা পাৰ হৈ দোকানৰ পৰা সামগ্ৰী আনিবলৈ যাওঁতেই শেষ হৈ গ’ল কণমানিটিৰ জীৱন।
জানিব পৰা মতে, ৰাস্তা পাৰ হৈ থকা সময়তে এখন চাৰিচকীয়া বাহনে খুন্দা মৰাত থিতাতে মৃত্যু হয় কণমানিজনীৰ। নিহত কণমানিজনী সোণাৰিবালিৰ ছাবিন আহমেদ বুলি চিনাক্ত কৰা হৈছে। তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ছাবিন আহমেদ নামৰ কণমানিগৰাকী। দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AR 01 J 8855।
ঘটনাৰ পিছতে চামগুৰি আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। এই শোকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।