নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেচৰকাৰী হাস্পতালৰ বিপুল চিকিৎসা ব্যয়ত নাকী লগাব চৰকাৰে

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : দেশৰ চিকিৎসা খণ্ডৰ যথেষ্ট উন্নতি সাধন হৈছে যদিও ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ গৈ সাধাৰণ নাগৰিকে অযথা সর্বস্বান্ত হ’বলগীয়া হোৱাৰ অভিযোগ সততে উত্থাপন হোৱা দেখিবলৈ পোৱা যায়৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ চিকিৎসা ব্যয় আকাশলংঘী বুলি সততে অভিযোগ শুনা যায়৷

বিষয়টো এতিয়া কেন্দ্রীয় চৰকাৰৰ নজৰলৈ আহিছে৷ সেইবাবে কিদৰে এইবোৰ হাস্পতাল আৰু স্বাস্থ্য প্রতিষ্ঠানত চিকিৎসাৰ বিপুল ব্যয় কমাই সাধাৰণ মানুহৰ দুর্ভোগ কিছু হ’লেও কমাব পৰা যায় তাকে লৈ পদক্ষেপ গ্রহণ কৰিবলৈ আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ৷

বেচৰকাৰী চিকিৎসালয়সমূহৰ বিভিন্ন মেডিকেল ডিভাইচ তথা চিকিৎসাৰ সৰঞ্জাম ব্যৱহাৰৰ ক্ষেত্রত দিয়া বিলৰ ধনত নিয়ন্ত্রণৰ প্রস্তাৱ দিবলৈ বিষয়টো চালিজাৰি চাই আছে কেন্দ্রীয় চৰকাৰে৷ ইতিপূর্বে একাধিক সংস্থাৰ তদন্তত দেখা গৈছে যে কোনো বেচৰকাৰী চিকিৎসালয়ত সাধাৰণ চিকিৎসাৰ সৰঞ্জাম ব্যৱহাৰৰ যি খৰচ, তাতকৈ ১০ৰ পৰা ৩০ গুণ বেছি টকা আদায় কৰা হয়৷ ৩ টকীয়া ছিৰিঞ্জৰ দাম ৩০ টকা৷ ৬ টকীয়া আইভি কেনুলাৰ দাম ১২০ টকা পর্যন্ত লোৱা হয়৷ তেনেদৰে ২৫ হাজাৰ টকীয়া পেচমেকাৰৰ দাম ব্যক্তিগত চিকিৎসালয়ত ২ লাখ টকা লোৱা হয়৷

সম্প্রতি কেন্দ্রীয় চৰকাৰৰ পর্যবেক্ষণত থকা বিষয়সমূহ কার্যকৰী হ’লে বেচৰকাৰী চিকিৎসালয়সমূহে নির্দিষ্ট অংকৰ বাহিৰে অতিৰিক্ত চার্জ ল’ব নোৱাৰিব৷

You might also like