নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাভিলেখৰ লক্ষ্য : সৰুসজাইৰ অনুষ্ঠানৰ বাবে তিনিচুকীয়াত বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ

বিশেষ বাৰ্তা, ২৭ মাৰ্চ: গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিপিবদ্ধ কৰিবলৈ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক বিহুৱা-নাচনীয়ে একে স্থানত বিহু নৃত্য প্ৰদৰ্শন কৰিব। এই বিহু নৃত্যত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যেই তিনিচুকীয়া জিলাৰ কেউটা বিধানসভা সমষ্টিৰ পৰা ১০০গৰাকীকৈ মুঠ ৫০০গৰাকী বিহুৱা-নাচনী নিৰ্বাচিত কৰি নাম পঞ্জীয়ন কৰা হৈছে। প্ৰতিটো সমষ্টিতে চাৰিগৰাকীকৈ প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ ট্ৰেইনাৰে নাম পঞ্জীয়ন কৰা বিহুৱা -নাচনীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। ৰাজ্যৰ আন আন জিলাৰ লগতে তিনিচুকীয়া জিলাতো তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়া সমষ্টিত নিৰ্বাচিত তথা নাম পঞ্জীয়ন কৰা ৫০০ গৰাকী বিহুৱা-নাচনীৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচী ৩১ মাৰ্চলৈকে অনুষ্ঠিত হব। তিনিচুকীয়া সমষ্টিত আজিৰে পৰা বৰদলৈ নগৰস্থিত এ.নিউ হাইস্কুলত আৰম্ভ হোৱা বিহুৱা-নাচনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভউদ্বোধন কৰে জিলা উপায়ুক্ত স্বপ্নীল পালে। জিলা উপায়ুক্ত গৰাকীয়ে প্ৰশিক্ষণস্থলীত উপস্থিত হৈ অংশগ্ৰহণকাৰীৰ বাবে উপলব্ধ যাৱতীয় সা-সুবিধা সমূহৰো বুজ লয়। একেদৰে শদিয়া সমষ্টিত আৱৰ্ত্ত ভৱনৰ সমীপত অৱস্থিত ৰাজহুৱা খেলপথাৰত বিহুৱা-নাচনীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভউদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতীয়ে। ডুমডুমা সমষ্টিত ৰূপাই চাইডিং সাহিত্য সভা ভৱনত অনুষ্ঠিত প্ৰশিক্ষণৰ শুভউদ্বোধন কৰে ডুমডুমা পৌৰসভাৰ সভাপতি কান্তা ভট্টাচাৰ্যই। মাৰ্ঘেৰিটা সমষ্টিত ব্লক তিনিআলিৰ সমীপত মাৰ্ঘেৰিটা ৰংগমঞ্চত আয়োজিত প্ৰশিক্ষণৰ শুভউদ্বোধন কৰে মাৰ্ঘেৰিটা ৰাজহচক্ৰৰ চক্ৰ বিষয়া ৰুনাল নাথে। আনহাতে অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ডিগবৈ সমষ্টিৰ গল্ডেন জুবলী কমপ্লেক্সত আজিৰে পৰা আৰম্ভ হোৱা বিহুৱা-নাচনীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভউদ্বোধন কৰে।

প্ৰেৰক বিবেক বড়া

You might also like