নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণোৎসৱৰ মাজুলীৰ থীমছঙক সৰ্বত্ৰ প্ৰশংসাঃ প্ৰথম দিনত ব্যাপক উৎসাহ

নিয়মীয়া বাৰ্তা, ২৩ মে : দুটাকৈ বছৰ ক’ভিড মহামাৰীয়ে বিধ্বস্ত কৰাৰ পিছত অসমৰ প্ৰাথমিকৰ পৰা মাধ্যমিক শিক্ষাখণ্ডত আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰস্তুতিয়ে বিভাগটোক পুন: সজীৱ কৰি তুলিছে। আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত ৰাইজ ৰঙালী বিহুৰ উৎসাহৰ দৰেই মাজুলীত প্ৰতিখন বিদ্যালয়ত অংশ গ্ৰহণ কৰি চৰকাৰীখণ্ডৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সদিচ্ছা প্ৰকাশ কৰিলে। মাজুলীৰ প্ৰায় সংখ্যক বিদ্যালয়তেই নৱৈৰ পৰা এশ শতাংশ ছাত্ৰ ছাত্ৰীয়ে স্ব মূল্যায়ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ খৱৰ পোৱা গৈছে। আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়, গড়মুৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,৩৯নং নৱমাটি সোণাৰীবাৰী এলপি,সোণাৰীগাঁও এল পি,নতুন কমলাবাৰী এনচিডি উচ্চ মাধ্যমিক,শগুণপৰা মিছিং এলপি,পুৰণিসত্ৰ বামুণগাঁও এলপিৰ এশ শতাংশ উপস্থিতি হৈছে। মণ্ডল ৰূপে আউনিআটি মণ্ডলৰ মুঠ ১১ খনৰ ১০০ % ছাত্ৰ ছাত্ৰীৰ উপস্থিত ৯ খন বিদ্যালয়ত আৰু পশ্চিম কমলাবাৰী মণ্ডলৰ ১০ খন ১০০ % ছাত্ৰ ছাত্ৰী উপস্থিত : ৯ খন বিদ্যালয়ত হয় আৰু বালিচাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ১০খন বিদ্যালয়ৰ ৫৩০ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৫২০ জন ছাত্ৰ ছাত্ৰী গুণোৎসৱৰ স্ব মূল্যায়নত উপস্থিত থাকে ।পহুমৰা কৈৱৰ্ত প্ৰা:বিদ্যালয়, ৮১নং পাৱনা পহুমৰা প্ৰা:বিদ্যালয়, ২১ নং চিলাকলা প্ৰা:বিদ্যালয় আৰু এলেঙী প্ৰা:বিদ্যালয়ত স্ব মূল্যায়নৰ দিনা১০০% ছাত্ৰ ছাত্ৰী উপস্থিত থাকে । আনহাতে চিলাকলা মণ্ডল সমল কেন্দ্ৰৰ ১২ খন বিদ্যালয়ৰ ৬৭৬ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৬১৪ জন ছাত্ৰ ছাত্ৰী স্ব মূল্যায়নৰ দিনা উপস্থিত থাকে ।২২নং কাকৰিকটা প্ৰ:বি, চিতাদাৰ বোকোৰা প্ৰা:বি :, আউনিআটী বিষ্ণুদেৱ এম ই, বৰুণ চিতাদাৰ বৰলুইত এম ই আৰু ১নং বৰুণ প্ৰা: বিদ্যালয়ৰ ১০০%ছাত্ৰ ছাত্ৰী উপস্থিত থাকে বুলি চিআৰচি শৰৎ বৰা আৰু ৰূপজ্যোতি শইকীয়া আৰু গোৱালগাঁও, বালিজান কেন্দ্ৰৰ সপোন দত্তই জনাইছে।আজি জিলা উপায়ুক্ত ,অতিৰিক্ত উপায়ুক্ত (শিক্ষা)আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই ২৭ নং কমাৰ গাওঁ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ স্ব- মূল্যায়নৰ দিনা মাজুলী জিলা গুণোৎসৱৰ Theme Song প্ৰস্তুত কৰা সুৰকাৰ আৰু গীতিকাৰ ৰাজু বৰা ৰাজখোৱাক (প্ৰধান শিক্ষয়িত্ৰী ২৭ নং কমাৰ গাওঁ প্ৰাথমিক বিদ্যালয়) এখনি ফুলাম গামোচাৰে আৰু গীতটিৰ গায়িকা সংযুক্তা শইকীয়া আৰু অৰ্পিতা নেওগক (পঞ্চম শ্ৰেণী ২৭ নং কমাৰ গাওঁ প্ৰাথমিক বিদ্যালয়) একোটাকৈ কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায়। লগতে গীতটি Compose কৰা জ্ঞানজ্যোতি শইকীয়া আৰু গীতটি সুৰ কৰাত সহায় কৰা বসন্ত বৰাকো সম্বৰ্দ্ধনা জনায় ।উল্লেখ্য, এই থিমচং সৰ্বত্ৰে সমাদৃত হোৱাৰ লগতে শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৱেও চেয়াৰ কৰিছে। উল্লেখ্য কালিলৈৰ পৰা আৰম্ভ হ’ব লগা বহি: মূল্যায়ন কাৰ্যসূচীত উবি কল্যাণ চক্ৰৱৰ্তী, প্ৰিঞ্চিপাল ছেক্ৰেটাৰি, অভিজিৎ বৰুৱা এনিমেল হাচবেণ্ডেৰী, চইল কনজাৰভেচন, সচিব, ডঃ ডম্বৰু ধৰ নাথ, উপাচাৰ্য, সাংস্কৃতিক বিশ্ববিদ্যালয়, প্ৰদান বৰুৱা, সাংসদ লখিমপুৰ লোক সভা, পুলক মহন্ত উপায়ুক্ত মাজুলী, এই কেইজন ভিআই পি বহিঃ মূল্যায়কে এই গুণোৎসৱত অংশ গ্ৰহণ কৰিব বুলি বিদ্যালয় সমূহৰ উপপৰিদৰ্শক নৰনাথ গোঁহাইৰ পৰা জানিব পৰা গৈছে ।

মাজুলীত উপস্থিত বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ শুভলক্ষ্মী ৰাজকুমাৰী

আনহাতে মাজুলী শিক্ষা খণ্ডৰ প্ৰাথমিক ,উচ্চ প্ৰাথমিক , উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৫৭৪ খন বিদ্যালয়ত আজি স্ব মূল্যায়ন সম্পন্ন হয় । গুণোৎসৱ উপলক্ষে যোৰহাট আৰু মাজুলী জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে আজি মাজুলী জিলাৰ সাতখন বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰে মতবিনিময় কৰা বুলি জানিব পৰা গৈছে । বিদ্যালয় সমূহৰ পৰিদৰ্শক ডক্টৰ শুভালক্ষ্মী ৰাজকুমাৰী আজি পুৱা যোৰহাটৰ পৰা আহি মাজুলীত উপস্থিত হয়। প্ৰথমে দেউদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় খনৰ শিক্ষক সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি গুণোৎসৱ সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকলৰ সৈতেও মতবিনিময় কৰে । পৰবৰ্তী সময়ত পৰিদৰ্শক গৰাকীয়ে কমাৰগাঁও প্ৰাথমিক বিদ্যালয় , শালমৰা উচ্চ মাধ্যমিক বিদ্যালয় , সোনোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়, জোনাকী ছমহীয়াটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় , বালিচাপৰি কাঠনী আটী উচ্চ মাধ্যমিক বিদ্যালয় আৰু পীতাম্বৰ দেৱ গোস্বামী বালিকা বিদ্যালয় কেইখন পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত পৰিদৰ্শকগৰাকীয়ে বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে গুণোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। পৰিদৰ্শকগৰাকীৰ ভ্ৰমণ কালত যোৰহাটস্হিত বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰী পূৰ্ণিমা, অসম হাইস্কুল শিক্ষক সংস্হাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জয়ন্ত বৰাই সহযোগিতা আগবঢ়ায় ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 

You might also like