নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিডত পুনৰ মৃত্যু ৬জনৰ

মঙলবাৰে আক্রান্ত ৪৪১

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ মঙলবাৰে ৰাজ্যত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৪৪১জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১২৯জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ৫৬, লখিমপুৰৰ ৩৭ আৰু যোৰহাটৰ ২৯জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ৬৪,৪২১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৬৮ শতাংশ৷

মঙলবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৩৩৮জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৩,৭৩৪জন৷ ক’ভিডত মঙলবাৰে প্রাণ হেৰুৱাইছে ৬জনে৷  ইয়াৰ লগে লগে ক’ভিডত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫,৮১৩জনলৈ বৃদ্ধি পালে৷ সমান্তৰালভাৱে ৰাজ্যত ২,২৫,৮০,২২৪জন লোকক ক’ভিড প্রতিৰোধক প্রদান কৰা হৈছে৷ ইয়াৰে ১,৭৭,২৩,১১০জনে প্রথম পালি আৰু ৪৮,৫৭,১৩৪জনে দ্বিতীয় পালি প্রতিষেধক লাভ কৰিছে৷

You might also like