নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ মন্তব্যবোৰৰ ফেচভেল্যু দি লাভ নাই

মুখ্যমন্ত্রীৰ কটাক্ষ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ ৰাজনীতিত ফেচভেল্যু কাৰ কিমান তাক লৈ বিভিন্ন সময়ত চর্চা চলে যদিও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মতে, কংগ্রেছৰ মন্তব্যৰ ফেচভেল্যু নাই৷ মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত বিৰোধী দলটোক কটাক্ষ কৰি মন্ত্রীয়ে কয়– কংগ্রেছৰ মন্তব্যক গুৰুত্ব দিব নালাগে৷ কিয়নো আজি যিজনে কংগ্রেছৰ হৈ মন্তব্য দিব, সেইজনে কাইলৈ বিজেপিত যোগ দিব৷ সেয়েহে কংগ্রেছৰ হৈ মন্তব্য দিয়াজনৰ ফেচভেল্যু নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো কয় যে অহা তিনি–চাৰি বছৰলৈ কংগ্রেছৰ বিষয়ে কথা পাতি লাভ নাই৷

মুখ্যমন্ত্রীৰ এনে মন্তব্যৰ পিছতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্রতিক্রিয়া প্রকাশ কৰি কয়– ফেচভেল্যু নথকা ব্যক্তিকেই বিজেপিয়ে আদৰি লৈছে৷ ফেচভেল্যু নথকা লোকসকলক নিবলৈ বিজেপি কিয় ইমান উত্রাৱল হৈছে? ফেচভেল্যু প্রকৃততে কাৰ বেছি, সেয়া অসমৰ ৰাইজে বিবেচনা কৰিব৷

ইফালে, ফেচভেল্যুক লৈ চলি থকা এনে বিতর্কৰ মাজতে  বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই কয় যে উজনিৰ কেইবাজনো কংগ্রেছৰ বিধায়কে বিজেপিৰ সৈতে যোগাযোগ ৰাখিছে৷ সাংসদজনৰ মন্তব্য– দুই–এজনে আমাৰ সৈতে যোগাযোগ কৰিছে৷ বিষয়টো আমি দলৰ মজিয়াত আলোচনা কৰিম৷

You might also like