নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত পিষ্টল-সক্ৰিয় গুলীসহ দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ৫ অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত পিষ্টল, সক্ৰিয় গুলীসহ দুজনক গ্ৰেপ্তাৰ কৰা হয়। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পটুৱাকাটাৰ আফজালৰ হকৰ ঘৰত যোৱানিশা গোপন সূত্ৰৰ পম খেদি এছ টি এফ আৰু বন বিভাগে অভিযান চলাই এটা পিষ্টল, সক্ৰিয় গুলী উদ্ধাৰ কৰে। ইয়াৰ লগতে আফজালৰ হক আৰু ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । দুয়ো চোৰাং চিকাৰত জড়িত বুলি সন্দেহ কৰা হৈছে। দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like