নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীৰ মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ ১নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলবাসী ৰাইজে গভীৰ অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে । ব্ৰহ্মপুত্ৰ বৰ্ডে বিগত দুবছৰ পূৰ্বে ১নং মিছামৰাত খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণ কৰিছিল যদিও বৰ্ডৰ নিম্নমানৰ কামৰ বাবে আঁচনিৰ বৃহৎ অংশ খহনীয়াত জাহ গ’ল। প্ৰতিদিনে মিছামৰা অঞ্চলটোৰ  চেৰপাইখোৱা, মিছামৰা, শিমলুগুৰি, দোমচুক, দকুতচুক, মিছামৰা কুমলীয়া চাপৰি, সাৰ আটী, বাঘগাওঁ, চামগুৰি, আহতগুৰিত শ শ হেক্টৰ কৃষিভূমিৰ লগতে বহু লোকৰ সপোনৰ ঘৰ-দুৱাৰ নদীত জাহ যোৱাত গৃহহীন তথা সৰ্বস্বান্ত ৰাইজে চকুলো টুকি ঘৰৰ এপদ-দুপদ লাম-লাকটু সামৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছিল যদিও নতুনকৈ ঘৰ দুৱাৰ নিৰ্মাণ কৰা সেই স্থানতো গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে। মাজুলীৰ নামনি অংশত এনে এক বিপদৰ খবৰ লাভ কৰাৰ পাছতো স্থানীয় ৰাইজৰ অভিযোগ সন্দৰ্ভত বিধায়ক তথা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়ববীয়াই সঠিক ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ত্ৰাহি মধুসূদন দেখিছিল। আপোন ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা নৈপৰীয়াই চৰকাৰ তথা ব্ৰহ্মপুত্ৰ বৰ্ডে অঞ্চলটোৰ অৱশিষ্ট ভূমিভাগ ৰক্ষা কৰাৰ বাবে বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিবলৈ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছত কালি বিধায়ক ভুবন গামৰ নেতৃত্বত মিছামৰা অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৪ কোটি টকাৰ এক হ্ৰস্বম্যাদী আঁচনি গ্ৰহণ কৰি কামৰ শুভাৰম্ভ কৰে। ৰাইজে বিচাৰিছে- পূৰ্বৰ দৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিফল আঁচনি ৰূপায়িত নকৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডে সঠিকভাৱে কাম কৰাটো। বিধায়ক ভুবন গামে  আঁচনি উদ্বোধন কৰিবলৈ যাঁওতেই খহনীয়াগ্ৰস্ত লোকসকলে আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like