নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি আৰু বিশেষ অভিনন্দন অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: নাহৰকটীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা নৱাগত ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনোৱাৰ লগতে স্নাতক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আজি নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক নৱাগত আদৰণি আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সামূহিক চাফাই, ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে শুভাৰম্ভ হোৱা এই কাৰ্যসূচীৰ বন্তি প্ৰজ্জ্বলন কৰে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডঃ অনন্ত কুমাৰ বৰুৱাই। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আদৰণি ভাষণ আগবঢ়োৱা মূল অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে ডিব্ৰুগড় জিলাৰ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই। কণ্ঠশিল্পী তথা সমাজ কল্যাণ এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী চয়নিকা বৈশ্যই আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থকাৰ লগতে বিশিষ্ট কণ্ঠশিল্পী জয়শ্ৰী বুঢ়াগোহাঁইৰ গীতৰ শৰাই আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰা অনুষ্ঠান টোত নৱাগত ছাত্ৰ ছাত্ৰী সকলক আদৰণি আৰু স্নাতক চূড়ান্ত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

প্ৰাঞ্জল ভূঞা: নাহৰকটীয়া

You might also like