নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্ছীত বিকৃত ইংলেণ্ডৰ জাতীয় পতাকা

🔹 ক্ষুব্ধ  ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাক

বিশেষ বাৰ্তা, ২৪ মার্চ : ইংলেণ্ড ফুটবল দলৰ জার্ছীক লৈ বিতর্কৰ সৃষ্টি হৈছে৷ এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে দেশখনৰ প্রধানমন্ত্রী ঋষি সুনাক৷ জার্ছী নির্মাতাসকলেও ইয়াৰ প্রতি সঁহাৰি জনাইছে৷ জার্ছীত জাতীয় পতাকা বিকৃত কৰাটো বহু লোকে মানি ল’ব খোজা নাই৷ ইংলেণ্ড ফুটবল দলৰ নতুন জার্ছীৰ পিছফালে ছেইণ্ট জর্জৰ ক্রছ আছে৷ এই ক্রছ ইংলেণ্ডৰ জাতীয় পতাকাতো আছে৷ বগা পতাকাত ৰঙা ক্রছ৷ কিন্তু দেশৰ ফুটবল জার্ছীত সেই ক্রছৰ ৰং নীলা আৰু বেঙুনীয়া৷ বহুতে জাতীয় পতাকাক অপমান কৰা বুলি গণ্য কৰিছে৷ এই প্রসংগত প্রধানমন্ত্রী ঋষি সুনাকে কয়- মই ব্যক্তিগতভাৱে জাতীয় পতাকাৰ ৰং সলনি কৰিব নালাগে বুলি ভাবোঁ৷ জাতীয় পতাকা আমাৰ সন্মান আৰু গৌৰৱ৷ ইয়াক তুচ্ছ জ্ঞান কৰা উচিত নহয়৷ ইংলেণ্ড ফুটবল দলটোৰ জার্ছী নির্মাতাগৰাকীয়ে অৱশ্যে কয় যে ইয়াক ৰিগ কৰা হৈছিল৷ আমি কাৰো অন্তৰত আঘাত কৰাৰ উদ্দেশ্য নাছিল৷ ১৯৬৬ চনত ইংলেণ্ডৰ বিশ্বকাপ জয়ক সন্মান জনাই আমি জার্ছীৰ এই পৰিৱর্তন কৰিলোঁ৷ ইংলেণ্ডৰ জার্ছীক লৈ বিতর্ক দেশৰ প্রতিটো স্তৰতে৷ দেশখনৰ সাংস্কৃতিক সম্পাদক লুচি ফ্রেজাৰেও এই জার্ছীৰ বিৰুদ্ধে মাত মাতিছে৷ ইংলেণ্ড ফুটবল দলটোৰ প্রশিক্ষক গাৰেথ ছাউথগেটেও কয় যে যদি ছেইণ্ট জর্জৰ ক্রছ ৰঙা নহয়, তেন্তে মই ইয়াক ছেইণ্ট জর্জ ক্রছ বুলি ক’ব নিবিচাৰোঁ৷ ইংলেণ্ডৰ ফুটবল এছ’চিয়েচনে অৱশ্যে জার্ছী নির্মাতাগৰাকীৰ কাষত থিয় দিছে৷ এছ’চিয়েচনটোৰ এগৰাকী মুখপাত্রই কয় যে ১৯৬৬ চনত ইংলেণ্ডে বিশ্বকাপ জয় কৰিছিল৷ সেই দলৰ সন্মানত দেশৰ নতুন জার্ছী নির্মাণ কৰা হৈছে৷ জার্ছীটোত কেইবাটাও সালসলনি কৰা হৈছে৷ জার্ছীৰ পিছফালে থকা ক্রছটো ১৯৬৬ চনত ইংলেণ্ডৰ অনুশীলন জার্ছীৰ দৰেই৷ ইংলেণ্ডৰ জার্ছীত ক্রছৰ ৰং সলনি হোৱাটো এইটোৱেই প্রথম নহয়৷ আগতেও ঘটিছে৷ ইংলেণ্ডৰ পতাকাত ছেইণ্ট জর্জ ক্রছ থকাৰ বাবে আমি গৌৰৱান্বিত৷

You might also like