নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমিনত পথ দুৰ্ঘটনাত অসমৰ দুজনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৩ জুন : অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ কিমিনত সংঘটিত এটা ভয়াৱহ পথ দুৰ্ঘটনাত অসমৰ দুজন যুৱকৰ মৃত্যু ঘটিছে । অৰুণাচল প্ৰদেশৰ কিমিন-পটিন পথৰ আঠ কিলো নামৰ ঠাইত এ এছ ০১ এফ এল ১৭৪৭ নম্বৰৰ মাৰুতি এল্টখন পথৰ পৰা বাগৰি প্ৰায় ২০০ ফুট তলৰ ৰঙানদীৰ বক্ষত পৰাৰ ফলত উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । পহিলা জুনৰ বিয়লি ভাৰতীয় তৈল নিগমৰ কিমিনস্থিত এলপিজি বটলিং প্লাণ্টৰ কিছু নিলগত পানয়ৰ নদীত (ৰঙানদী) এখন বগা ৰঙৰ চাৰিচকীয়া বাহন স্থানীয় মাছমৰীয়াই পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে । কিমিন আৰক্ষীয়ে নিশা ৯ বজালৈকে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযানৰ চেষ্টা চলায় যদিও আন্ধাৰৰ লগতে থিয় খাৱৈ আৰু কেইবা কিল’মিটাৰ ঘূৰি দুৰ্ঘটনাৰ স্থানলৈ অহাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাত স্থগিত ৰাখে ৷ কালি পুৱা আৰক্ষীয়ে পুনৰ অভিযান চলাই দুৰ্ঘটনাগ্ৰস্ত এল্টখনৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰে ৷ নিহত দুজন অসমৰ কাৰ্বি আংলং জিলাৰ অনুপম বৰা আৰু মনোজ বড়ো বুলি চিনাক্ত কৰা হৈছে বুলি কিমিন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰিছে । সম্প্ৰতি মৃতদেহ দুটা কিমিন চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ।
প্ৰেৰক সমীন শইকীয়া
You might also like