নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ প্ৰাণহানি, সংকটজনক এজন

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : চিৰাং জিলাৰ বিজনীৰ মাটিয়াপাৰা শিৱ মন্দিৰৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ বিৱৰণী মতে, বিজনীৰ পৰা বিষ্ণুপুৰ অভিমুখে গৈ থকা এজন চাইকেল আৰোহীক AS-19V-2157 নম্বৰৰ দুচকীয়া মটৰচাইকেলখনে পিছফালৰ পৰা খুন্দা মাৰে। ভয়াৱহ দুৰ্ঘটনাটোত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। আহতজনক সংকটজনক অৱস্থাত চিকিৎসালয়ৈল প্ৰেৰণ কৰে।

দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like