বিগ বছত এইবাৰ প্রাক্তন ভাৰতীয় ক্রিকেটাৰৰ কন্যা, আৰিয়ানৰ পৰা অনয়ালৈ- এক কঠিন যাত্ৰা
নিউজ ডেস্ক, ১৮ আগষ্ট : এইবাৰ বিগ বছত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে অনয়া বাংগাৰ৷ ৰূপান্তৰিত এথলীট হিচাপে জনপ্রিয় ৰিয়েলিটী শ্ব’টোত অংশগ্রহণ কৰিব প্রাক্তন ভাৰতীয় ক্রিকেটাৰ সঞ্জয় বাংগাৰৰ কন্যা অনয়াই ৷
লিংগ পৰিৱর্তনৰ পিছৰ পৰাই বিভিন্ন বিষয়ত সঘনে সংবাদ শিৰোনাম দখল কৰিছিল অনয়াই৷ ব্যক্তিগত জীৱনত বিভিন্ন উত্থান–পতন দেখিছে অনয়াই৷ সুদীর্ঘ ১০ মহীয়া প্রক্রিয়াৰ শেষত আৰিয়ানৰ পৰা অনয়া হৈছে তেওঁ৷ সেই যাত্রাত যথেষ্ট মূল্য ভৰিবলগীয়া হৈছিল অনয়াই ৷ তেওঁৰ অভিযোগ– ক্রিকেটাৰসকলে তেওঁলৈ নগ্ন ছবি পঠিয়াইছিল৷ কেতিয়াবা ক্রিকেটাৰসকলৰ পৰা শাৰীৰিক সম্পর্কৰ কু–প্রস্তাৱো পাইছিল৷
লিংগ পৰিৱর্তনৰ বাবেই ক্রিকেটৰ পৰা কার্যতঃ নির্বাসিত হয় অনয়া৷ সূত্রৰ খবৰ অনুসৰি, এইবাৰ বিগ বছত দেখা যাব তেওঁক৷ অহা ২৪ আগষ্টৰ পৰা আৰম্ভ হ’ব বিগ বছ৷ ছ’চিয়েল মিডিয়াৰ পৰিচিত মুখ হিচাপেই অনয়াক ৰিয়েলিটী শ্ব’টোত বিচাৰিছে নির্মাতাসকলে৷