নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰ আলফা শিবিৰৰ পৰা পলায়ন কৰা দুই আলফা সদস্য অসম ৰাইফলছৰ হাতত আটক

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ  স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি অৰণ্যগামী হৈ অৱশেষত মোহভংগ ঘটি আলফাৰ ম্যানমাৰৰ ছাংঙ্গহাই শিৱিৰৰ পৰা পলায়ন কৰা দুজন কৈ আলফা সদস্য আজি পুৱতি নিশা অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজু থানাৰ অন্তৰ্গত ভাৰত ম্যানমাৰ সীমান্তৰ নগনো বস্তিত অসম ৰাইফলছৰ ৬ নং বেটেলিয়নৰ হাতত ধৰা পৰে। জানিব পৰা মতে আলফা শিবিৰত খাদ্য আদিকে ধৰি বিভিন্ন সমস্যাত ভোগা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ৩ নং মাকুম নিবাসী লক্ষেশ্বৰ ৰাজবংশীৰ পুত্ৰ বিকাশ ৰাজবংশী ওৰফে ৰিয়ান অসম (সেনা নং ২০৭৪৬) আৰু একে জিলাৰে বৰডুবি থানাৰ অন্তৰ্গত মাকুম লাংকচিৰ পৱিত্ৰ মৰাণৰ পুত্ৰ সুৰজ মৰাণ ওৰফে ৰাঘৱ মৰাণ (সেনা নং ২০৭৫৪)য়ে লগত আন দুজন সতীৰ্থ ক্ৰমে শৰৎ অসম আৰু আন এজন নাম উদ্ধাৰ নোহোৱা আলফা সদস্যৰ সৈতে কিছুদিন পূৰ্বে ম্যানমাৰৰ ছাংঙ্গহাই আলফা শিবিৰৰ পৰা পলায়ন কৰি ভাৰতীয় সীমাৰ অৰুণাচল প্ৰদেশৰ দিশে গতি কৰে। কিন্তু  আলফা সদস্য কেইজনৰ পলায়নৰ তথ্য লাভ কৰি আলফা আৰু এন এছ চি এন কে গোটে যুটীয়া অভিযান চলাই ৪ জনীয়া দলটোৰ শৰৎ অসম আৰু নাম উদ্ধাৰ নোহোৱা আন জন সদস্যক বন্দী কৰিবলৈ সক্ষম হয় যদিও ৰিয়ান অসম আৰু সুৰজ অসমে পলায়ন কৰি ভাৰতৰ সীমা অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজু থানাৰ অন্তৰ্গত নগনু বস্তিত অসম ৰাইফলছৰ ৬ নং বেটেলিয়নৰ তহলদাৰী গোটৰ হাতত ধৰা পৰে।

উল্লেখযোগ্য যে ধৃত আলফা যুৱক দুগৰাকীৰ পৰা নিৰাপত্তা বাহিনীটোৱে এটা চীনত নিৰ্মিত পইণ্ট ৩২ পিষ্টলৰ লগতে ৭ ৰাউণ্ড সজীৱ গুলী, দা, টৰ্চ লাইট আৰু বিভিন্ন কোড ৱৰ্ড থকা কেইবাখনো আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে ধৃত আলফা সদস্য দুজনক ইতিমধ্যে অসম ৰাইফলচে সোধ পোচ কৰাৰ অন্তত অৰুণাচল আৰক্ষীক গটাই দিয়ে।

You might also like