নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত স্বাস্থ্য শিবিৰ

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,নলবাৰীৰ উদ্যোগত ২৫ আগষ্ট তাৰিখে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । বৰতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত এই শিবিৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচুৰ উপৰিও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: জেছমিন আহমেদ,বৰতলা ক্ষুদ্ৰ প্ৰ‍াথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডা: ময়ুৰী ৰহমান শইকীয়া,জিলা আঁচনি বিষয়া মিনাক্ষী বৰপূজাৰী প্ৰমূখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল । এই শিবিৰত সকলো বয়সৰ ব্যক্তিৰ স্বাস্থ্য বিশেষকৈ প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল । এই শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লগতে স্বাস্থ্য সজাগতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে । তদুপৰি যক্ষ্মা আৰু মেলেৰীয়া পৰীক্ষা,ক’ভিড ভেকচিন প্ৰদান,বিনামূলীয়া ঔষধ বিতৰণৰ ওপৰিও প্ৰায়কেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎকসকল উপস্থিত আছিল । সুস্বাস্থ্যৰ লগতে এক পৰিশীলিত জীৱনবোধৰ ভাৱধাৰা মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ভৱিষ্যত প্ৰজন্মক স্বাস্থ্যবান কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । স্বাস্থ্য যোগাযোগৰ জৰিয়তে স্বাস্থ্য সাক্ষৰতাক জনগণৰ মাজলৈ লৈ যাবলৈ কৰা চেষ্টাৰ লগতে বৈজ্ঞানিক মানসিকতা গঢ় দিয়াটো এই শিবিৰৰ অন্যতম লক্ষ্য । \

স্বাস্থ্য শিবিৰত উপস্থিত থাকি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচুৱে কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত কৰা আপোচে আমাৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । জনগণক সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ বাবে কৰা চেষ্টা সদায় অমূল্য আৰু অতুলনীয় । চৰকাৰে জনগণক প্ৰদান কৰা উৎকৃষ্ট সেৱা নিজে গ্ৰহণ কৰাৰ লগতে আনকো এই সে‍ৱা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উপৰিও স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰতি আৰ্কষিত কৰিবলৈ চেষ্টা কৰিব লাগে । চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি তথা অন্যান্য বিনামূলীয়া সেৱাসমূহ সৰ্বস্তৰৰ জণগণৰ মাজত বহুলভাৱে প্ৰচাৰ কৰি আমি খাটিখোৱা মানুহক সেৱা কৰিব পাৰো । স্বাস্থ্য সেৱাতকৈ মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন আন একোৱেই হ’ব নোৱাৰে । “এই স্বাস্থ্য শিবিৰৰ জৰিয়তে প্ৰসূতি আৰু শিশুসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে যি প্ৰগতিৰ সূচাংক বৃদ্ধি কৰিব । সুস্বাস্থ্যৰ জৰিয়তেহে সমৃদ্ধি সম্ভৱ ।”- ডা: ময়ুৰী ৰহমান শইকীয়াই এনেদৰে কয় । এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জনগণ বহু পৰিমাণে উপকৃত হৈছে । অনাগত দিনতো এনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা অৱগত কৰিছে ।

You might also like