নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৬ নাবালক-নাবালিকাসহ ২গৰাকী মহিলা

মহানগৰ বাৰ্তা,  ১০ ফেব্ৰুৱাৰী : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰ পি এফ) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন যাত্ৰীবাহী ৰে’ল আৰু ৰে’লৱে ষ্টেচনত ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে চলোৱা তালাচী অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৬গৰাকী নাবালক-নাবালিকা আৰু ২গৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই এটা বিবৃতিযোগে জানিবলৈ দিয়া মতে, যোৱা জানুৱাৰী মাহতো চলোৱা অভিযানত আৰ পি এফৰ দলে মুঠ ৪১জন নাবালক আৰু ৬গৰাকী মহিলাক উদ্ধাৰ কৰিছিল । তেনেদৰে অভিযানত ২জন সৰবৰাহকাৰীক আটক কৰা হয়। আনহাতে, অভিযানত উদ্ধাৰ হোৱা নাবালক-নাবালিকাসকলক পৰৱৰ্তী সময়ত সুৰক্ষিত জিম্মাৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন, এনজিঅ’, অভিভাৱক আৰু চৰকাৰী ৰে’ল আৰক্ষী তথা জি আৰ পিৰ হাতত গতাই দিয়া হয় । ইফালে, আটক কৰা মানৱ সৰবৰাহকাৰীক পাছত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰী ৰে’ল আৰক্ষীক গতাই দিয়া হয়।

প্ৰেৰক অমল কলিতা

You might also like