নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ ঘণ্টাৰ মূৰকত জীৱন্তে উদ্ধাৰ বোকাত আবদ্ধ ৩ বছৰীয়া কন্যা শিশু

🔹 ফিলিপাইনছৰ ভূমিস্খলন

বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : ফিলিপাইনছৰ মিন্দানাও অঞ্চলত ভয়াৱহ ভূমিস্খলনৰ ফলত বোকাত আবদ্ধ হৈ থকা ৩ বছৰীয়া কন্যা শিশু  এটাক ৬০ ঘণ্টাৰ মূৰকত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বোকাৰ মাজত আবদ্ধ হৈ থকা লোকক উদ্ধাৰ অভিযান চলাই থকা বাহিনীয়ে অসম্ভৱক সম্ভৱ কৰি তুলি ৬০ ঘণ্টাৰ মূৰকত ৩ বছৰীয়া শিশুটিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে যোৱা মঙলবাৰে ফিলিপাইনছৰ মাছাৰাৰ সোণৰ খনি থকা গাঁও এখনত ভয়াৱহ ভূমিস্খলন সংঘটিত হয়৷ এই ভূমিস্খলনত ২৮জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৭৭জন সন্ধানহীন হয়৷ সন্ধানহীনক উদ্ধাৰৰ বাবে বাহিনীয়ে ৩ দিন ধৰি অভিযান চলাই থাকি আচম্বিতে ধ্বংসস্তূপৰ মাজত শিশু এটিক উদ্ধাৰ কৰে৷ শিশুটিৰ প্রাৰম্ভিক অৱস্থাত জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ আছিল যদিও তৎপৰতাৰে চিকিৎসা প্রদান কৰাৰ ফলত শিশুটিৰ প্রাণৰক্ষা পৰে৷

You might also like