নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই যুৱকৰ জীৱন শেষ

ডিজিটেল ডেস্ক, ১০ মে’ : গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন যুৱকৰ।

জানিব পৰা মতে, খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা সময়ত এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে দুৰ্ঘটনাত বাহন এখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।

দুৰ্ঘটনাত নিহত দুজন যুৱকৰ পৰিচয় এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ইফালে, ঘটনাস্থলীত উপস্থিত হৈ বশিষ্ঠ যান-বাহন আৰক্ষীয়ে উদ্ধাৰ অভিযান চলোৱাৰ লগতে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

You might also like