অসম বিধানসভাত আজি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি সমৰূপ নাগৰিক সংহিতা (Uniform Civil Code – UCC) বিধেয়ক গৃহীত কৰা হয়। এই বিধেয়কৰ উদ্দেশ্য হৈছে ৰাজ্যৰ সকলো নাগৰিকৰ বাবে একে ব্যক্তিগত আইন প্ৰণয়ন কৰা, য’ত বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তি অধিকাৰ আৰু জীৱন সংগীৰ সৈতে জড়িত বিষয়সমূহ একে নিয়মৰ অধীনত চলিব।
আজি গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনত সমৰূপ নাগৰিক সংহিতা (Uniform Civil Code – UCC) বিধেয়কখন গৃহীত হয়। ধ্বনি ভোটত গৃহীত হোৱা এই বিধেয়কৰ সমৰ্থনত সংখ্যাগৰিষ্ঠ বিধায়কে ভোটদান কৰে, আনহাতে মুষ্টিমেয় সদস্যই ইয়াৰ বিৰুদ্ধে ভোট দিয়ে।
চৰকাৰী সূত্ৰ অনুসৰি এই বিধেয়ক বলৱৎ হোৱাৰ লগে লগে অসম দেশৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ’ব য’ত সমৰূপ নাগৰিক সংহিতা কাৰ্যকৰী কৰা হৈছে। বিধেয়কখনৰ জৰিয়তে ব্যক্তিগত আইনসমূহত একতা অনাৰ লক্ষ্য লোৱা হৈছে।
বিধেয়ক গৃহীত হোৱাৰ পিছতে সদনত গুৰুত্বপূর্ণ ৰাজনৈতিক পৰিৱেশ সৃষ্টি হয় যদিও সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সিদ্ধান্ত চূড়ান্ত কৰা হয়।
বিধেয়ক অনুসৰি বহুবিবাহ নিষিদ্ধ কৰা, সম্পত্তিত কন্যাৰ সমান অধিকাৰ নিশ্চিত কৰা, আৰু লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন আদি ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰৰ মতে এই পদক্ষেপে সমাজত লিংগ সমতা আৰু আইনী একতা আনিব।
ইফালে, এই বিধেয়কৰ ওপৰত বিৰোধী দলসমূহে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে কিছু পৰম্পৰাগত আৰু ধৰ্মীয় অধিকাৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। যদিও চৰকাৰৰ দাবী, এই আইন সামাজিক ন্যায় আৰু সমতাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ।
ইয়াৰ পূৰ্বে উত্তৰাখণ্ড আৰু গুজৰাটে সমৰূপ নাগৰিক সংহিতা (Uniform Civil Code – UCC) বিধেয়ক বিধানসভাত গৃহীত কৰিছে। আজিৰ পৰা এই তালিকাৰ তৃতীয় ৰাজ্য হিচাপে স্থান লাভ কৰিলে।
উল্লেখ্য যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিত্ৰজোঁটৰ চৰকাৰ আহিলে প্ৰথম বিধানসভাতেই সমৰূপ নাগৰিক সংহিতা (Uniform Civil Code – UCC) বিধেয়ক উত্থাপন কৰাৰ কথা ঘোষণা কৰিছিল আৰু বিতৰ্ক-আলোচনাৰ অন্তত আজি বিধেয়কখন গৃহীত হয়।
এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে অসম দেশৰ অন্যতম সেই ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ’ল যিয়ে সম নাগৰিক সংহিতা ৰূপায়ণৰ দিশে আগবাঢ়িছে।
ডিজিটেল ডেস্ক, ২৭ মে’