ৰাজনীতি ত্যাগ : ছাগলী বেপাৰীৰ ৰূপত শুকুৰ আলী
বিভিন্ন সময়ত বিভিন্ন কাৰ্যকলাপেৰে চৰ্চাত থকা শুকুৰ আলী পুনৰ এতিয়া চৰ্চাত। এইবাৰ পিছে চাহ, ৰুটি-পুৰিৰ দোকানেৰে নহয়; ছাগলী বেপাৰী ৰূপে।
ঈদৰ প্ৰাক-মূহুৰ্তত আজি ধুবুৰীৰ গৌৰীপুৰৰ ছাগলী বজাৰত সেই ৰূপতেই দেখা গ’ল শুকুৰক। বিক্ৰী কৰিবলৈ কেইবাটাও ছাগলী লৈ বজাৰখনত আগমন ঘটা শুকুৰ আলীৰ নতুন এই ৰূপ দেখি হতবাক হৈ পৰিল বজাৰখনলৈ অহা গ্ৰাহকসকল।
ৰাজনীতিৰ পথাৰৰ পৰা ছাগলী বেপাৰীলৈ এই যাত্ৰাক লৈ পুনৰ চৰ্চাত শুকুৰ আলী।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ মে’