ট্ৰেক্টৰৰ খুন্দাত স্কুলীয়া ছাত্ৰৰ প্ৰাণহানি, উত্তপ্ত পৰিস্থিতি
ওদালগুৰিত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনা মতে ট্ৰেক্টৰে মহটিয়ালে স্কুলীয়া ছাত্ৰক। গোলমাগাঁৱৰ সমীপৰ খাংখালাবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো।
দুৰ্ঘটনাত নিহত হয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মনোজ চৌহান (১২)। চাইকেলেৰে বিদ্যালয়লৈ আহি থকা অৱস্থাত ট্ৰেক্টৰখনে মহটিয়াই নিয়ে ছাত্ৰজনক।
ঘটনাৰ পিছতে ওদালগুৰিত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ওদালগুৰি চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে। স্কুলৰ সময়ৰ থকা বাধাৰ পিছতো ট্ৰেক্টৰ চলাচল কৰাত ক্ষোভ প্ৰকাশ কৰে সকলোৱে।
প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদী ছাত্ৰ সমাজে। ইফালে প্ৰতিবাদস্থলীত উপস্থিত বিটিচিৰ ডেপুটী চীফ ৰিহণ দৈমাৰী। তেওঁ ছাত্ৰ-ছাত্ৰীক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ