নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত ‘উদ্যম -২০২৩’ মেলা উদ্বোধন মন্ত্ৰী বিমল বৰাৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : আজিৰ পৰা ৫ মাৰ্চলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলাত আয়োজন কৰা হৈছে ‘উদ্যম-২০২৩’ শীৰ্ষক এক মেলা। ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আয়োজন কৰা এই মেলা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিভাগীয় মন্ত্ৰী বিমল বৰাই। উদ্বোধনী অনুষ্ঠানত ভাগ লৈ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই শিল্প উদ্যেগৰ বিকাশ অবিহনে ৰাজ্যখনৰ, দেশ খনৰ অৰ্থনৈতিক ভেটি সবল নহয় বুলি উল্লেখ কৰি কয় যে থলুৱা উৎপাদিত সামগ্ৰীসমুহৰ প্ৰদৰ্শনৰ জৰিয়তে এই উৎপাদিত সামগ্ৰীসমুহ ক্ৰেতাৰ ওচৰলৈ নি যাতে এখন বজাৰ সৃষ্টি কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে যাতে থলুৱা শিল্প উদ্যেগী যুৱক -যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰি তাৰ লক্ষ্যৰে এই মেলাৰ ৰাজ্য জুৰি আয়োজন কৰা হৈছে। ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই দুগ্ধ উৎপাদনত প্ৰথম স্থানেৰে ভাৰতবৰ্ষই বিশ্বৰ বজাৰ দখল কৰাৰ কথা উল্লেখ কৰি কয় যে ভাৰতবৰ্ষ এতিয়া আমদানিকৃত দেশ হৈ থকা নাই, ভাৰত বৰ্ষ এতিয়া ৰপ্তানিকৃত দেশ হিচাপে পৰিগণিত হৈছে। আমাৰ দেশে যাতে কোনো এপদ সামগ্ৰী আন দেশৰ পৰা ক্ৰয় কৰিব লগা নহয় সেই লক্ষ্যৰে আমি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ শিল্প উদ্যোগ সমুহৰ সবলীকৰণৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰি এখন আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ চিন্তাৰে চৰকাৰে কাম কৰি আছে। জিলা উদ্যোগ বিষয়া ধীৰেশ্বৰ কছাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়ক পৰমানন্দ ৰাজবংশী, দুৰ্গা দাস বড়ো, বি টি চিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, এম চি এল এ ভবেন্দ্ৰ বড়ো, ওদালগুৰিৰ উপায়ুক্ত চাদনেক সিং, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি আৰু বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া সকল উপস্থিত থাকে। এই উদ্যম মেলাত চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ লগতে ১৩৪খন বিপণী অংশগ্ৰহণ কৰে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like